thumbnail

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 7:18 PM IST

ETV Bharat / Videos

Protest in Dima Hasao: ডিমা হাছাওত অংগনবাদী কৰ্মী সহায়িকাৰ উত্তাল প্ৰতিবাদ

হাফলং, ৯ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ডিমা হাছাও জিলাতো কেইবাটাও দাবীৰ সমৰ্থনত অংগনবাদী কৰ্মী-সহায়িকাই হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । যোৱা ৩ অক্টোবৰৰ পৰা ৰাজ্যজুৰি অংগনবাদী কৰ্মী-সহায়িকা সকলে কৰ্মবিৰতি ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । তেওঁলোকৰ দাবীসমূহ অনতিপলমে পূৰণ নহ'লে অহা ৩১ অক্টোবৰ পৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলি চৰকাৰক সকীয়াই দিয়ে । প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে তেওঁলোকৰ দীর্ঘ দিনৰ দাবী সমূহ আজিলৈকে চৰকাৰে পূৰণ কৰা নাই তেওঁলোকৰ বাবে কোনো কাৰ্যালয় নাই বাবে গছৰ তলত বহিয়েই কাম কৰিব লাগে ।  

তেওঁলোকে কয় যে, চৰকাৰে অংগনবাদী কৰ্মী-সহায়িকাক যি মোবাইল ফোন দিছে এতিয়া এই মোবাইল ফোনে কাম কৰা নাই বাবে কাম কৰাৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ'বলগা হৈছে । আজি হাফলঙত প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি তেওঁলোকে কয় যে অংগনবাদী কৰ্মী-সহায়িকাৰ মাননী ১২ হাজাৰ টকা আৰু সহায়িকা সকলৰ মাননী ৫ হাজাৰ টকা কৰিব লাগে । শিক্ষাগত অৰ্হতাৰ হিচাপত অংগনবাদী কৰ্মীক ছুপাৰভাইজাৰ পদত পদোন্নতি দিব লাগে । 

লগতে পঢ়ক:Protest in Lakhimpur:সহস্রাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্ণাত কঁপিল লখিমপুৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.