তিনিচুকীয়াত আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ কেন্দ্ৰীয় অনুষ্ঠান - ৰাজ্য় চৰকাৰৰ শিক্ষা উপদেষ্টা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-11-2023/640-480-20140891-thumbnail-16x9-tin-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 29, 2023, 3:24 PM IST
তিনিচুকীয়া, ২৯ নৱেম্বৰ: ৰাজ্য়ৰ আন জিলাৰ লগতে আজি তিনিচুকীয়াতো বৰদলৈ নগৰস্থিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্তিৰে উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীলৈ আগবঢ়োৱা হৈছে আনন্দৰাম বৰুৱা বঁটা । জিলা ভিত্তিত আয়োজন কৰা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক বঁটাৰ ধনৰাশি হিচাপে নগদ ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হয় । এই বঁটাৰ ধনৰাশি ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিৰ্দিষ্ট বেংক একাউণ্ট যোগে লাভ কৰিব পাৰিব ।
আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্য় চৰকাৰৰ শিক্ষা উপদেষ্টা তথা অধ্যাপক ড৹ ননী গোপাল মহন্ত, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, জিলা আয়ুক্ত স্বপ্নীল পাল, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, জিলা পৰিষদৰ অধ্যক্ষ ড৹ ৰাজেন্দ্ৰ নাথ কৈৰীকে আদি কৰি জিলা প্ৰশাসন, শিক্ষা বিভাগৰ বিষয়া আৰু বঁটা লাভ কৰা মেধাবী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে । উল্লেখ্য় যে ৰাজ্যৰ ৭৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক:এতিয়ালৈকে কিমান উপাৰ্জন কৰিলে ৰঙাটাপু-১৯৮২ ছবিখনে ?