thumbnail

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 8:06 PM IST

ETV Bharat / Videos

গোলাঘাটৰ বীৰংগনা সাধিনী কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা-২০২৩ বিতৰণ

গোলাঘাট, 29 নৱেম্বৰ : বুধবাৰে গোলাঘাট বীৰংগনা সাধিনী কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ২০২৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক নম্বৰৰ সৈতে উত্তীৰ্ণ হোৱা গোলাঘাট জিলাৰ ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় । গোলাঘাট জিলাৰ প্ৰায় ১,০২১ ছাত্ৰ-ছাত্ৰী এই বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবে নিৰ্বাচিত হৈছে ।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি ছাত্ৰ সমাজকো অধ্যয়নৰ প্ৰতি অধিক মনোযোগ প্ৰদানৰ বাবে আহ্বান জনায় । অনুষ্ঠানটোত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ জিলা আয়ুক্ত ড৹ পি উদয় প্ৰবীণ, বিদ্যালয়সমূহৰ পৰিদৰ্শক ড৹ সমীৰণ বৰা, বিশিষ্ট সমাজকৰ্মী অধ্যাপক নৃপেন বৰুৱা, বিশিষ্ট সমাজকৰ্মী দেৱপ্ৰতীম বৰা তথা কৃতি ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক তথা শিক্ষকসমাজ উপস্থিত থাকে ।

লগতে পঢ়ক : কৃতী ছাত্ৰ-ছাত্ৰীৰ বঁটা প্ৰদান অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.