Food poisoning In Goalpara : গোৱালপাৰা মাৰিয়ামপুৰত খাদ্যত বিষক্ৰিয়া হৈ মহিলাৰ মৃত্যু

By

Published : May 12, 2023, 2:23 PM IST

thumbnail

গোৱালপাৰা, 12 মে’ : গোৱালপাৰাত অঘটন ৷ গোৱালপাৰা জিলাৰ ধূপধৰাৰ মাৰিয়ামপুৰত আদ্যশ্ৰাদ্ধৰ ভোজ খাই অসুস্থ হৈ পৰিছিল বহুজন (Goalpara food poisoning news)৷ সেই বাতৰি ইতিমধ্যে পূৰ্বৰ বাতৰিত প্ৰকাশ পাইছে ৷ বৰ্তমান লাভ কৰা তথ্য অনুসৰি, আদ্যশ্ৰাদ্ধৰ ভোজ খাই অসুস্থ হৈ পৰা এগৰাকী মহিলাৰ ইতিমধ্যে মৃত্যু হৈছে ৷ মৃত মহিলাগৰাকীৰ নাম ৰেনুবালা এ চাংমা (53) বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বুধবাৰে গোৱালপাৰা জিলাৰ ধূপধৰাৰ মাৰিয়ামপূৰত আছিল এঘৰ লোকৰ আদ্যশ্ৰাদ্ধ ৷ এই আদ্যশ্ৰাদ্ধৰ ভোজত দিয়া হৈছিল চালানি মাছ ৷ সেই মাছ খায়ে পুৰুষ-মহিলা আৰু শিশুসহ বহু লোক অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে (Many villagers hospitalized due to food poisoning in Goalpara) ৷

তথ্য অনুসৰি, বৃহস্পতিবাৰে গোৱালপাৰা জিলা অসামৰিক চিকিৎসালয়ত 15 জন লোকক ভৰ্তি কৰা হৈছিল । ইয়াৰে চাৰিজনৰ অৱস্থা অতি সংকটজনক হোৱাত আটাইকে ICU ত ভৰ্তি কৰে । ICU ত ভৰ্তি কৰোৱা চাৰিগৰাকীৰ ভিতৰত ৰেনুবালা এ চাংমা নামৰ এগৰাকী মহিলাৰ যোৱা নিশা মৃত্যু হয় বুলি জানিব পৰা গৈছে ।

ইফালে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বাকী কেইজনৰ স্বাস্থ্য উন্নত যদিও ICU ত ভৰ্তি হৈ তকা তিনিগৰাকীৰ অৱস্থা এতিয়াও বিপদমুক্ত নহয় বুলি জানিব পৰা গৈছে । আনহাতে, মৃত্যু হোৱা মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্নৰ অন্তত পৰিয়ালৰ লোকক গতাই দিয়া হ’ব বুলি জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক : Food poison in Goalpara : গোৱালপাৰাত আদ্যশ্ৰাদ্ধৰ ভোজ খাই চিকিৎসাধীন 60 গৰাকী লোক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.