Amrit Kalash Yatra in Nalbari: নলবাৰীত অমৃত কলহ লৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে সমদল

🎬 Watch Now: Feature Video

thumbnail

নলবাৰী, ১৫ অক্টোবৰ : নলবাৰীৰ মুকালমুৱাত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ উদ্যোগত অমৃত কলহ যাত্ৰা । বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্থ ১২ খন পঞ্চায়তৰ অমৃত কলহ লৈ সমদল কৰি অমৃত কলহৰ মাটি সংমিশ্ৰণ কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিখন চোতালৰ পৱিত্ৰ ভূমি দেশৰ ৰাজধানী অমৃত উদ্যানলৈ পঠোৱাৰ উদ্দেশ্য ঘৰে ঘৰে অমৃত কলহ লৈ সংগ্ৰহ কৰিছিল চোতালৰ মাটি । দেওবাৰে বৰক্ষেত্ৰীৰ ১২ খন পঞ্চায়তৰ অমৃত কলহ একলগ কৰি ব্ৰহ্মপুত্ৰ নৈৰ মুকালমুৱা পাৰঘাটতৰ পৰা এক নৌকা সমদল উলিয়ায় । ব্ৰহ্মপুত্ৰৰ বুকুত অমৃত কলহ লৈ বিশাল নৌকা সমদল কৰাৰ পাছত মুকালমুৱা পাৰঘাটৰ পৰা পদযাত্ৰা কৰি বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত অমৃত কলহৰ মাটি সংমিশ্ৰণ কৰে । ইয়াৰ পাছতে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে গুৱাহাটী উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া বাপধন আলী, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী, বৰক্ষেত্ৰী ১২ খন পঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা বৰক্ষেত্ৰীৰ স্থানীয় ৰাইজ ।

লগতে পঢ়ক : Himanta Biswa Sarma: আশী শতাংশ শিক্ষকক মই নিযুক্তি দিছোঁ; তেওঁলোক আগৰ পৰাই হিতাধিকাৰী ! মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.