thumbnail

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 7:54 PM IST

ETV Bharat / Videos

Amrit Kalash Yatra: বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা সৰ্থেবাৰীত নিৰ্মিত অমৃত কলহৰ

বৰপেটা,৩০ছেপ্টম্বৰ: মোৰ মাটি মোৰ দেশ কাৰ্যসূচীত ঘৰে ঘৰে সংগ্ৰহ কৰা মাটি খণ্ড আৰু পৌৰসভাৰ কাৰ্যালয়ৰ পৰা গুৱাহাটী আৰু তাৰ পাছত দিল্লীলৈ প্ৰেৰণ কৰিবলৈ প্ৰয়োজন হোৱা কলহবোৰ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কাঁহ শিল্পীসকলে সাজি উলিয়াইছে । শনিবাৰে এনে কলহ বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । গুৱাহাটীৰ পৰা এই কলহবোৰ ৰাজ্যৰ খণ্ড আৰু পৌৰসভাৰ কাৰ্যালয়বোৰলৈ প্ৰেৰণ কৰা হ'ব ।  

বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গৰ্গে সদৰী কৰে যে অমৃত কলহ যাত্ৰাৰ কলহবোৰ সৰ্থেবাৰীত সাজি উলিওৱাৰ বাবে বৰপেটা জিলাই গৌৰৱ অনুভব কৰিছে । ইয়াৰ ফলত সৰ্থেবাৰীৰ কাঁহ শিল্পয়ো প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হ'ব । বৰপেটাৰ পৰা শনিবাৰে পাঁচশ কলহ গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় বুলিও জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে । আনহাতে আজি আনুষ্ঠানিকভাৱে বৰপেটা জিলাৰ আয়ুক্ত আয়ুষ গৰ্গে নলবাৰী আৰু চিৰাং জিলাৰ প্ৰতিনিধিৰ হাতত দুটাকৈ কলহ অৰ্পণ কৰে ।  

লগতে পঢ়ক: Amrit Kalash Yatra: হোজাইত অমৃত কলহ যাত্ৰা ৰূপায়ণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.