thumbnail

Ambubachi 2023 : 2 বাজি 30 মিনিট 42 চেকেণ্ড হোৱাৰ লগে লগে বন্ধ হ’ব শিলঘাট কামাখ্যা দেৱালয়ৰ মূল প্ৰৱেশ দ্বাৰ

By

Published : Jun 22, 2023, 3:11 PM IST

কলিয়াবৰ, 22 জুন : অতি ধুম-ধামেৰে নীলাচলৰ বুকুত মহা আয়োজন কৰা হৈছে পবিত্ৰ অম্বুবাচী মেলা 2023 ৷ 22 জুন অৰ্থাৎ আজি ৰাতি 2 বাজি 30 মিনিট 42 চেকেণ্ডত দেৱীৰ প্ৰবৃত্তি হ’ব । 23, 24 আৰু 25 জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব । গুৱাহাটীস্থিত মূল কামাখ্যা মন্দিৰৰ দৰে অসমৰ দ্বিতীয় শক্তিপীঠ কলিয়াবৰৰ শিলঘাট কামাখ্যা দেৱালয়তো প্ৰবৃত্তি অনুসৰি বন্ধ থাকিব মন্দিৰৰ মূল প্ৰৱেশ দুৱাৰ ।

বৃহস্পতিবাৰে নিশা 2 বাজি 32 মিনিটৰ লগে লগে বন্ধ হ’ব শিলঘাট কামাখ্যা দেৱালয়ৰ মূল দুৱাৰ । অম্বুবাচীৰ নিবৃত্তি অনুসৰি নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰৰ লগতে কলিয়াবৰৰ শিলঘাটত থকা দ্বিতীয় শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ৰো দুৱাৰ খোল খাব 26 জুনত ।

অম্বুবাচীৰ সময়চোৱাত নীলাচল পাহাৰত থকা কামাখ্যা দেৱালয়লৈ যিদৰে দেশ-বিদেশৰ লাখ-লাখ ভক্তৰ সমাগম হয়, তাৰ বিপৰীতে শিলঘাট কামাখ্যা দেৱালয়ত নিমাওমাও পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । ভক্তৰ উপস্থিতি তেনেই সেৰেঙা শিলঘাট কামাখ্যা দেৱালয়ত ।

নাই কোনো মেলামুখী পৰিৱেশ । কেৱল পালন কৰা হয় অম্বুবাচীৰ প্ৰবৃত্তি আৰু নিবৃত্তি । কাৰণ ইয়াৰে ভিতৰত অন্তৰ্নিহিত হৈ আছে কিছু বৈদিক তথা ধাৰ্মিক কাৰণ ৷

লগতে পঢ়ক : Ambubachi 2023 : অম্বুবাচী উপলক্ষে সহস্ৰাধিক ভক্তৰ সমাগম ঘটিছে কামাখ্যা ধামত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.