Supply of raw meat to customers: বিহপুৰীয়াত ৰেস্ত্যোৰাঁৰ গ্ৰাহকক কেঁচা মাংস দিয়াৰ অভিযোগ - Raksha Bandhan Celebration

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 10:04 PM IST

বিহপুৰীয়া,৩০ আগষ্ট: বিহপুৰীয়াত ৰাখীবন্ধনৰ দিনা অঘটন । ৰাখীবন্ধন বুলি ৰেস্ত্যোৰাঁত এসাঁজ খাবলৈ আহি বিপদ পৰিল বিহপুৰীয়াৰ লৰিদঙাৰ এটা পৰিয়াল ৷ ৰাখীবন্ধন বুলি লৰিদঙাৰ নৰেন বৰাই পৰিয়ালসহ বিহপুৰীয়াৰ জুপিতৰা ৰেস্ত্যোৰাঁত এসাঁজ খাবলৈ আহিছিল আৰু সময়মতে ৰেস্ত্যোৰাঁত পৰিয়ালটো উপস্থিত হৈ নিশাৰ সাজৰ অৰ্ডাৰ দিছিল ৷  

পৰিয়ালটোৱে বিচৰা খাদ্য সামগ্ৰী যোগান ধৰিছিল ৰেস্ত্যোৰাঁ কৰ্তৃপক্ষই ৷ কিন্তু তাতেই লাগিল কেৰোণ ৷ মছলা চিকেনৰ সৈতে ভাত খাবলৈ লওতে সমস্যাত পৰিল পৰিয়ালটো ৷ ৰেস্ত্যোৰাঁত কৰ্তৃপক্ষই মচলা চিকেনৰ নামত পৰিয়ালটোক যোগান ধৰিলে কেঁচা মাংস আৰু মাংস মুখত দিয়েই পৰিয়ালটো ৰেস্ত্যোৰাঁ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৷ পৰিয়ালটোৱে অভিযোগ কৰা অনুসৰি ৰেস্ত্যোৰাঁখনৰ খাদ্য খাই পৰিয়ালটোৰ লগত অকণমানিকেইটা অসুস্থ হৈ পৰে ।

লগতে পঢ়ক: Nalbari Youth Congress Protest: চৰকাৰে চাকৰিৰ ক’লা বজাৰ চলোৱাৰ অভিযোগত নলবাৰী যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.