Crime in Silapathar: চিলাপথাৰত গাওঁপ্ৰধানৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ - Sex crime news in Assam
🎬 Watch Now: Feature Video
জোনাই, ১৯ আগষ্ট: ধেমাজি জিলাৰ চিলাপথাৰত এজন চৰকাৰী গাওঁপ্ৰধানৰ বিৰুদ্ধে বোৱাৰীক যৌন উৎপীড়নৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ মতে, চিলাপথাৰৰ সমীপৰ অকাজান দাবলাঙ লাটৰ চৰকাৰী গাওঁ প্ৰধান উদেশ পেগুই (৫০) এগৰাকী বোৱাৰীক যৌন উৎপীড়নৰ অপচেষ্টা চলায় । একেখন গাঁৱৰে এগৰাকী বোৱাৰীক ঘৰত স্বামী নথকাৰ সুযোগত অনাধিকাৰ প্ৰবেশ কৰি যৌন উৎপীড়ন চলোৱাৰ অপচেষ্টা কৰে বুলি অভিযোগ উঠিছে গাওঁপ্ৰধানৰ বিৰুদ্ধে ।
সেই সময়তে বোৱাৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত গাঁৱৰ লোক উপস্থিত হোৱাত ৰক্ষা পৰে বোৱাৰীগৰাকী । কালি এই ঘটনা সংক্ৰান্তত ন্যায় বিচাৰি চিলাপথাৰ আৰক্ষী থানাত গোচৰ দাখিল কৰিছে ভুক্তভোগীয়ে । পূৰ্বেও লোকজনে গাঁৱৰ বহু মহিলাৰ সৈতে তেনে কাৰ্য চলোৱাৰ অপচেষ্টা কৰিছিল বুলি ৰাইজে অভিযোগ তুলিছে। সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক শাস্তি বিহাৰ লগতে লাট গাওঁপ্ৰধান পদৰ পৰা উদেশ পেগুক বৰ্খাস্তৰ দাবী জনাইছে মিচিং জাতীয় সংগঠন TMPK,MMK,TMMK আদিয়ে ।
লগতে পঢ়ক:World Photography Day:ৱৰ্ল্ড ফটোগ্ৰাফী ডে’ ত জানো আহক ৮০ দশকৰ দুগৰাকী ফটো সাংবাদিকৰ মনৰ বতৰা