Lanka Teacher: লংকাত আটক প্ৰধান শিক্ষক - Allegations of corruption against Headmaster
🎬 Watch Now: Feature Video


Published : Oct 3, 2023, 7:14 AM IST
হোজাই,3 অক্টোবৰ : দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগত লংকাত আটক কৰা হ’ল এজন শিক্ষকক ৷ সোমবাৰে লংকাৰ লাচিত পথাৰ জলিলীয়া এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক মইনউদ্দিন আহমেদক আটক কৰে আৰক্ষীয়ে । বিদ্যালয়খনৰ প্ৰধান শিক্ষকক মইনউদ্দিন আহমেদৰ বিৰুদ্ধে প্ৰমাণ পত্ৰ জালিয়াতিৰ লগতে বিদ্যালয়ৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
দীৰ্ঘদিনৰ পৰা চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছিল বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে ৷ সেয়ে প্ৰধান শিক্ষক আহমেদৰ বিৰুদ্ধে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিয়ে উদালি থানাত অভিযোগ দাখিল কৰিছিল ৷ সেই অভিযোগৰ ভিত্তিতে সোমবাৰে প্ৰধান শিক্ষক মইনউদ্দিন আহমেদক আটক কৰে উদালি আৰক্ষীয়ে ৷
‘‘মোৰ ভুৱা চহীৰে বেংকৰ পৰা ধন উলিয়ায় ৷ মই বাৰে বাৰে বাধা দিয়াৰ পাচতো একে ধৰণে চৰকাৰী ধন বেংকৰ পৰা উলিয়ায় ৷ সেয়ে মই প্ৰমাণসহ বিভাগীয় কৰ্তৃপক্ষৰ লগতে আৰক্ষীৰ কাষ চাপিলো ৷’’ এই মন্তব্য বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ ৷