Corruption: চাৰি বছৰে সম্পূৰ্ণ নহ'ল কচুমাৰী হাইস্কুল খেলপথাৰ; ব্যাপক দুৰ্নীতিৰ অভিযোগ - চাৰি বছৰে সম্পূৰ্ণ নহল কচুমাৰী হাইস্কুল খেলপথাৰ
🎬 Watch Now: Feature Video
মৰাণ, ৯ জুলাই: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোনো এখন চৰকাৰী আঁচনিত দুৰ্নীতি সংঘটিত হ'বলৈ দিয়া নহ'ব বুলি ঘোষণা কৰাৰ পাচতো চৰকাৰী উন্নয়নৰ আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । কেবিনেট মন্ত্ৰী যোগেন মহনৰ মাহমৰা সমষ্টিৰ কচুমাৰীত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ বিগত চাৰি বছৰে সম্পূৰ্ণ নহ'ল ২০ লাখ টকা পুঁজি ব্যয় সাপেক্ষ কচুমাৰী হাইস্কুল খেলপথাৰৰ উন্নয়নৰ কাম ৷
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ কচুমাৰীত অৱস্থিত কচুমাৰী হাইস্কুল খেলপথাৰ উন্নয়নৰ বাবে ২০১৯ বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপন কৰিছিল মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহনে । কিন্তু বিগত ৪ বছৰ অতিক্ৰম কৰা পাচতো সম্পূৰ্ণ হৈ নুঠিল নিৰ্মাণৰ কাম ৷ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য যোজনাৰ অধীনত খেলপথাৰ উন্নয়নৰ বাবে আৱন্টন দিয়া হৈছিল মুঠ ২০ লাখ টকা ৷ কিন্তু ঠিকাদাৰৰ দায়িত্বত থকা বিজেপি কৃষক মৰ্চাৰ নেতা চন্দন গগৈয়ে অতি নিম্নমানৰ কামেৰে আঁচনিৰ সিংহভাগ ধন আত্মসাতৰ অভিযোগ কৰিছে কচুমাৰী যুৱ সমাজে ।
এই আঁচনিৰ ২০ লাখ টকাৰে খেলপথাৰ উন্নয়নৰ লগতে চাৰিসীমাৰ বেৰা আৰু পেভেলিয়ন সামৰি লোৱা হৈছিল যদিও কোনো কামেই সম্পূৰ্ণ নকৰিলে ঠিকাদাৰ চন্দন গগৈয়ে ৷ ফলত এতিয়া অনুশীলনৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে কচুমাৰী অঞ্চলৰ খেলুৱৈসকল ৷ কচুমাৰী যুৱ সমাজে এইক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ৷
লগতে পঢ়ক:Bol Bam festival 2023: বোল ব'ম যাত্ৰাত লগত কঢ়িয়াই নিব নোৱাৰিব নিচা জাতীয় দ্ৰব্য