thumbnail

Scam in Jal Jeevan Mission: নাৰায়ণপুৰত জলজীৱন আঁচনিৰ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতিৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 3:36 PM IST

বিহপুৰীয়া, 15 ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত প্ৰধানমন্ত্ৰীৰ সপোনৰ জলজীৱন মিছন আঁচনিৰ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নাৰায়ণপুৰৰ মেৰমুখ তিনতিয়া গাঁৱৰ পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্যত সংঘটিত হৈছে এই দুৰ্নীতি-অনিয়ম ৷ 

নিৰ্মীয়মান অৱস্থাতে খহি পৰিল পৰিল আঁচনিৰ পকী দেৱাল ৷ আঁচনিৰ নিৰ্মাণ কাৰ্যত নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে ঠিকাদাৰে মইমতালিৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ৷

উলেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলজীৱন আঁচনিৰ নিৰ্মাণ কাৰ্য চলি আছে ৷ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে আৰম্ভ কৰা এই আঁচনিৰ নামত সময়ে সময়ে ব্যাপক দুৰ্নীতি-অনিয়ম সমঘটিত হোৱাৰ অভিযোগো উত্থাপন হৈ আহিছে ৷ 

লগতে পঢ়ক : Assam CM wife land scam: মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ বিধানসভা চৌহদত প্ৰতিবাদ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.