Beaten by Doctor in Nalbari: সাধাৰণ জনতাক পশু চিকিৎসকে প্ৰহাৰ কৰাৰ অভিযোগ - ৰাজ্যিক পশু চিকিৎসালয়
🎬 Watch Now: Feature Video
নলবাৰীৰ মুকালমুৱাস্থিত ৰাজ্যিক পশু চিকিৎসালয়ত(Veterinary hospital at Mukalmua) পশুধনৰ বাবে আৱন্টিত মাকৈ আৰু জোৱাৰ বিতৰণক লৈ তীব্ৰ উত্তেজনা ৷ বিসংগতিক লৈ তীব্ৰ বাত-বিতণ্ডাৰ সৃষ্টি হয় স্থানীয় লোক আৰু চিকিৎসালয় কতৃপক্ষৰ মাজত ৷ চতেমাৰী গাঁৱৰ কনক দাস নামৰ লোকজনে মাকৈ-জোৱাৰ বিতৰণৰ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষক সুধিবলৈ যাওঁতে তেওঁক প্ৰহাৰ কৰাৰ লগতে অফিচ ৰূমৰ পৰা বাহিৰ কৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ চান মহম্মদে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে কনক দাসে (Beaten by Veterinary Doctor in Nalbari)।
Last Updated : Feb 3, 2023, 8:36 PM IST