thumbnail

Anarchy in Jorhat Municipality: দাবী কৰা ধন নিদিয়াৰ বাবেই পৌৰসভাৰ লেচীয়ে প্ৰহাৰ কৰিলে ব্যৱসায়ীক !

By

Published : Feb 11, 2023, 6:15 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

যোৰহাট, ১১ ফেব্ৰুৱাৰী: যোৰহাট পৌৰসভাৰ লেচীৰ দাদাগিৰিত অতিষ্ঠ হৈছে সাধাৰণ ব্য়ৱসায়ী (Gundagiri of Lacy of Jorhat Municipality)। ইয়াৰ মাজতেই নিৰীহ লোকৰ ওপৰত চলোৱা অত্যাচাৰৰ দৃশ্য বন্দী হৈছে চি চি টিভিত । যোৰহাটৰ নৱ গঠিত পৌৰসভাখনে নিযুক্তি দিয়া একাংশ বিষয়া কৰ্মচাৰী তথা লেচীৰ অশোভনীয় আচৰণে এতিয়া ৰাইজক অতিষ্ঠ কৰিছে ।

যোৰহাট তৰুণ ফুকন পথৰ সমীপত ম্যাদী পট্টাত থকা এখন বাঁহৰ দোকানত হিন্দী চিনেমাৰ কায়দাৰে প্ৰৱেশ কৰি গুণ্ডাৰূপী কেইটামান যোৰহাট পৌৰসভাৰ স্বীকৃতিপ্ৰাপ্ত লেচীয়ে প্ৰথমতে দোকানখনৰ গৰাকী ওম প্ৰকাশ গুপ্তাক ধন দাবী কৰে (Lacy of Municipality gundagiri at Jorhat)। বাঁহৰ দোকানখনৰ গৰাকী ওম প্ৰকাশ গুপ্তাই তেওঁলোকে বিচৰা ধন দিবলৈ আপত্তি কৰে । দাবী কৰা ধন দিবলৈ তেওঁ আপত্তি কৰাত কিয় আমাক ধন নিদিয় বুলি কৈ দোকানখনৰ গৰাকীক প্ৰহাৰ কৰে (Money demand of Lacy of Jorhat Municipality)। ফলত যোৰহাট পৌৰসভাৰ গুণ্ডাৰূপী লেচীৰ আক্ৰমণত তেওঁ আহত হয় ।

ইতিমধ্যে এগৰাকী নিৰীহ ব্যক্তিক নিশাৰ ভাগত যোৰহাট পৌৰসভাৰ লেচীয়ে মাৰপিট কৰাৰ দৃশ্য ওচৰৰে এটা চিচিটিভি কেমাৰত আৱদ্ধ হৈ পৰিছিল । চিচিটিভিৰ এই দৃশ্য ৰাজহুৱা হৈ পৰাৰ পিছতে লেচীৰ কৰ্ম কাণ্ডক লৈ এতিয়া সকলোৱে গৰিহণা দিছে । এগৰাকী নিৰীহ ব্য়ৱসায়ীৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উধ্বৰ্তম কৰ্তৃপক্ষক দাবী জনাইছে সচেতন ৰাইজে । ইতিমধ্যে লেচীৰ আক্ৰমণত আঘাটপ্ৰাপ্ত ওম প্ৰকাশ গুপ্তা নামৰ ব্যক্তিগৰাকীয়ে বৃহস্পতিবাৰে সন্ধিয়া যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ।

উল্লেখ্য যে যোৰহাট পৌৰসভাৰ একাংশ লেচীয়ে দাবী ধমকিৰে ব্যৱসায়ীৰ পৰা পৌৰসভাৰ কোনো ৰচিদ প্ৰদান নকৰাকৈ ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ফলত যোৰহাট পৌৰসভাই বৃহৎ ৰাজহৰ পৰা বঞ্চিত হৈ অহা বুলিও উল্লেখ কৰিছে একাংশ চহৰবাসীয়ে । গুণ্ডাৰূপী এনে লেচীৰ বিৰুদ্ধে পৌৰসভাৰ উধ্বৰ্তম কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষনীয় ।

লগদতে পঢ়ক:Ankur Surana Kidnapping Case: অংকুৰ চুৰাণা অপহৰণকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড প্ৰবাল কলিতাৰ আত্মসমৰ্পণ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.