Attempt to rape: ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা - ধৰ্ষণকাণ্ড
🎬 Watch Now: Feature Video


Published : Nov 12, 2023, 3:57 PM IST
যোৰহাট, 12 নৱেম্বৰ : গোলাঘাট জিলাৰ দেৰগাঁৱৰ নপমুৱা শ’লমাৰি গাঁৱত জঘন্যকাণ্ড সংঘটিত হৈছে ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী 11 বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা কৰে এগৰাকী পিতৃসম লোকে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, ২ নং গড়মৰা গাঁৱৰ নিবাসী সুনীল বৰা ওৰফে সোণোশ্বৰ নামৰ লোকজনে কিশোৰীগৰাকী ঘৰত অকলে থকাৰ সময়ত তামোল খাবলৈ চূণ বিচাৰি আহিছিল ৷ কিশোৰীগৰাকীয়ে লোকজনক ৰ’বলৈ কৈ চূণ আনিবলৈ যাওঁতেই তেওঁ কোঠাৰ ভিতৰলৈ সোমাই গৈ কিশোৰীগৰাকীৰ সৈতে অপকৰ্ম কৰিবলৈ চেষ্টা কৰে ৷ লগে লগে কিশোৰীগৰাকীয়ে কোনোমতে লোকজনৰ হাতৰ পৰা সাৰি আহি বাহিৰত চিঞৰ-বাখৰ কৰোঁতে লোকজন পলাই পত্ৰং দিয়ে ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে সোণোশ্বৰ বৰাৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Geetanagar daughter fraud case : জী-জোঁৱাইৰ লুণ্ঠনৰ আখ্যান; লাখ লাখ টকা লৈ অন্তৰ্ধান অংগীৰা