All India Democratic Womens Association:ৰঙিয়াত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ - অৱস্থান ধৰ্মঘট

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:50 PM IST

ৰঙিয়া, 29 আগষ্ট : ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত শতাধিক মহিলাৰ অৱস্থান ধৰ্মঘট । চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰিলে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ মহিলাসকলে । সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ক্ৰমবৰ্ধিত নাৰী নিৰ্যাতন আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰঙিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়িত অৱস্থান ধর্মঘট কাৰ্যসূচীত জিলা সভানেত্ৰী সবিতা লহকৰ আৰু সম্পাদিকা জুনুৱাৰা বেগমৰ নেতৃত্বত সাব্যস্ত হয় এই প্ৰতিবাদ । ইফালে প্ৰতিবাদস্থলীত ৰাজ্যিক সমিতিৰ নীলিমা বৈদ্য, জিলা সমিতিৰ ৰমলা মহন্ত, মঞ্জু কলিতা প্ৰমুখ্যে নেত্ৰীবৃন্দই চাউল, দাইল, মিঠাতেল, ঔষধকে ধৰি প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰ’ল-ডিজেল-ৰন্ধন গেছআদি ইন্ধনজাতীয় সামগ্ৰীৰ অবিলম্বে মূল্য হ্ৰাস কৰা, সাধাৰণ ৰেচন কাৰ্ড ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ দিয়া, ক্ৰমবর্ধমান নাৰী নির্যাতন-ধর্ষণ-পাৰিবাৰিক হিংসাৰ ঘটনা ৰোধৰ বাবে প্ৰচলিত আইন কঠোৰভাৱে বলবৎ কৰা আৰু প্ৰয়োজনত নতুন আৰু কঠোৰ আইন প্ৰৱৰ্তন কৰাৰ দাবীৰ সমৰ্থনত বক্তব্য ৰাখে ।

লগতে পঢ়ক : palm oil plantation in Assam:ৰঙিয়াত অসম ৰাজ্যিক কৃষক সভাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.