হোজাইৰ তিনিআলিত আৰম্ভ সদৌ অসম নৈশ ফুটবল প্ৰতিযোগিতা - ৰান বাই অনিক্স ক্লাৱ
🎬 Watch Now: Feature Video
Published : Dec 2, 2023, 9:20 AM IST
হোজাই, 2 ডিচেম্বৰ : হোজাই জিলাৰ তিনিআলিত আৰম্ভ হৈছে নৈশ ফুটবল প্ৰতিযোগিতা ৷ ৰান বায় অনিক্স ক্লাৱৰ সৌজন্যত শুকুৰবাৰৰ নিশাৰ পৰা তিনিআলি হাইস্কুল খেলপথাৰত আৰম্ভ হৈছে এই প্ৰতিযোগিতা ৷ শুকুৰবাৰে নিশা প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে হোজাই জিলাৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই ৷
ইফালে, উদ্বোধনী খেলখন নগাঁও ফুটবল দল আৰু কাৰ্বি আংলং ফুটবল দলৰ মাজত তিনিআলি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় ৷ উক্ত প্ৰতিযোগিতাখনত নগাঁও দলে কাৰ্বি আংলং ফুটবল দলক 3-1 গ’লত পৰাস্ত কৰে ৷
উক্ত ফুটবল প্ৰতিযোগিতাখনত, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ফুটবল দলৰ লগতে বহিঃৰাজ্যৰ 16 টাকৈ দলেও অংশগ্রহণ কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷ লগতে প্ৰতিযোগিতাসমূহ উপভোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে আয়োজক কমিটিয়ে ৷
লগতে পঢ়ক : হোজাইৰ প্ৰান্তে প্ৰান্তে বনৰীয়া হাতীৰ মুক্ত বিচৰণ