Manikpur Mukoli Bihu competition: মানিকপুৰত সদৌ অসম ভিত্তিত প্ৰাইজমানী মুকলি বিহু প্ৰতিযোগিতা - ৰঙালী বিহুৰ অনুষ্ঠান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 28, 2023, 1:37 AM IST

Updated : Apr 28, 2023, 9:32 AM IST

বঙাইগাঁও, 27 এপ্ৰিল : ৰাজ্যত এতিয়াও অব্যাহত আছে ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা । প্ৰান্তে প্ৰান্তে চলি আছে ৰঙালী বিহুৰ অনুষ্ঠান । বিহুত মতলীয়া ৰাজ্যবাসীৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰবাসী ৰাইজ । মুকলি বিহুৰ প্ৰদৰ্শন, মুকলি বিহু প্ৰতিযোগিতাৰ লগতে অনুষ্ঠিত হৈছে অসমৰ স্বনামধন্য গায়ক গায়িকাৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান । এই ক্ষেত্ৰত পিছ পৰি থকা নাই মাণিকপুৰৰ নোৱাগাঁও । বঙাইগাঁও জিলাৰ নোৱাগাঁও ৰঙালী বিহু উৎযাপন সমিতিৰ উদ্যোগত চাৰিদিনীয়াকৈ সদৌ অসম ভিত্তিত প্ৰাইজমানী মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় (Manikpur Mukoli Bihu competition) ।

অসমৰ প্ৰায় ১৪ টা বিহুৱা দলে অংশগ্ৰহণ কৰা মুকলি বিহুৰ দ্বাৰ উন্মোচন কৰে প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে আৰু বন্তি প্ৰজলন কৰে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে । মুকলি বিহু প্ৰতিযোগিতাত নটসূৰ্য বিহুৱা দলে প্ৰথমস্থান (১৪ হাজাৰ টকা), কলিয়াবৰৰ ফ্ৰান্চনিচ ক্লাৱ বিহুৱা দলে দ্বিতীয়স্থান(৮ হাজাৰ টকা), টিহুৰ ভাষ্কৰ জ্যোতি বিহুৱা দলে তৃতীয়স্থান (৫ হাজাৰ টকা) লাভ কৰে (Prize money mukoli Bihu competition ) ।

আনহাতে, শ্ৰেষ্ঠ নাচনী বঁটা লাভ কৰে নটসূৰ্য শিল্পী সমাজে ৷ ঠিক সেইদৰে শ্ৰেষ্ঠ ঢুলীয়া ভাষ্কৰ জ্যোতি বিহুৱাদল, শ্ৰেষ্ঠ পেপাবাদক বৰ্নিল বিহুৱাদল, শ্ৰেষ্ঠ বিহুৱা-নাচনী দলৰ বঁটা ৰঙালী বিহু দলে লাভ কৰে (All Assam Manikpur Mukoli Bihu competition) । স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে নোৱাগাঁও ৰঙালী বিহুৰ বাকৰিৰ পৰা সমাজলৈ সমন্বয়ৰ বাৰ্তা পঠিয়াই ।

লগতে পঢ়ক : Bihu Dance in Rajiv Bhawan: নিৰ্বাচন আহি আছে; ঢোলত চাপৰ মাৰি সাজু হোৱাৰ ইংগিত দিলে কংগ্ৰেছে

Last Updated : Apr 28, 2023, 9:32 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.