Akrasu hold protest:জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত ধেমাজিত আক্ৰাছুৰ অৱস্থান ধৰ্মঘট - পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 21, 2023, 4:33 PM IST

ধেমাজি, 21 আগষ্ট : অসমত বিভিন্ন জনজাতীয় সংগঠনে নিজা নিজা দাবী পূৰণৰ বাবে চৰকাৰলৈ আবেদন জনাই প্ৰায়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায় ৷ কিন্তু এই প্ৰতিবাদলৈ কিমান গুৰুত্ব দিয়ে চৰকাৰে ? চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে এই সংগঠনসমূহে প্ৰায়ে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ৷

শেহতীয়াকৈ এটা দীৰ্ঘদিনীয়া দাবীৰে পুনৰ প্ৰতিবাদত বহিল কোচ ৰাজবংশী ছাত্ৰ সন্থা ৷ কোচ ৰাজবংশীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত সোমবাৰে ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল ধেমাজি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা ৷ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ধৰ্মঘটস্থলীতে প্ৰতিবাদী আক্ৰাছু কৰ্মীয়ে কোচ ৰাজবংশীক শীঘ্ৰে জনজাতিকৰণ কৰক, পৃথক কমতাপুৰ ৰাজ্য গঠন কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰৰ ভ্যেলু নাই, বিজেপি চৰকাৰ হুঁচিয়াৰ, No ST No Rest ইত্যাদি শ্ল’গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক : Koch Rajbongshi Delhi protest: জনজাতিকৰণৰ দাবীত দিল্লীত কোঁচ ৰাজবংশীৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.