AJYCP Protest: কলাইগাঁৱত শক্তি বিভাগৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
Published : Sep 21, 2023, 8:07 PM IST
ওদালগুৰি, 21 ছেপ্টেম্বৰ: বিদ্যুৎ মাচুল হ্ৰাস কৰা আৰু বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত কলাইগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ বিক্ষোভ কাৰ্যসূচী ৷ দিনক দিনে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ কোবাই অহা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কলাইগাঁও আঞ্চলিক সমিতিয়ে ৷
ৰাইজৰ সহযোগত সংগঠনটোৰ শতাধিক কৰ্মীয়ে ওদালগুৰি জিলাৰ কলাইগাঁও বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৰ নেতৃত্বই অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই নিয়মিতভাৱে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷ আনহাতে সংগঠনটোৰ সদস্য সকলে বিদ্যুৎ বিভাগৰ একাংশ বিষয়বীয়াই ৰাইজৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে ৷ অনাগত দিনত সংগঠনটোৰ দাবীসমূহৰ প্ৰতি সঁহাৰি নজনালে পুনৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক : CM Special Scheme: শিক্ষা বিভাগৰ দায়িত্বহীনতাৰ বাবেই মামৰে ধৰিবলৈ লৈছে হেজাৰ হেজাৰ চাইকেলত