thumbnail

জোনাইৰ গণহত্যাক লৈ AJYCPৰ প্ৰতিক্ৰিয়া

By

Published : Sep 1, 2022, 4:05 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ধেমাজি জিলাৰ জোনাইৰ গণহত্যা কাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে (Jonai Mob lynching) ৷ গণ প্ৰহাৰত মৃত্যু হোৱা লোকজন মানসিক ৰোগত আক্ৰান্ত গোগামুখৰ চেতিয়া গাঁৱৰ গোলাপ বৰুৱা বুলি চিনাক্ত হৈছে (Man killed in Jonai mob lynching)৷ এই ঘটনাৰ পাছতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দল-সংগঠনসমূহেও ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাইও এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে (AJYCP reaction on Jonai mob lyncing)। এনেদৰে আইন হাতত তুলি লোৱা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি নেতাগৰাকীয়ে কয় যে জোনাইবাসী আজি এই ঘটনাক লৈ লজ্জিত । সোপাধৰাকে আদি কৰি সমাজৰ বিভিন্ন অন্ধবিশ্বাস আৰু উৰা বাতৰি সন্দৰ্ভত ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় নেতাগৰাকীয়ে । লগতে প্ৰশাসনক এই ক্ষেত্ৰত সজাগতামূলক সভা আয়োজনৰ বাবেও আহ্বান জনায় ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.