জোনাইত HIV সংক্ৰমিতৰ সংখ্যা বৃদ্ধিত উদ্বেগ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ - জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতি
🎬 Watch Now: Feature Video
Published : Dec 13, 2023, 6:46 PM IST
জোনাই, ১৩ ডিচেম্বৰ: অসম-অৰুণাচল সীমান্তৰ জোনাইত উদ্বেগজনকভাৱে HIV সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পোৱাৰ এক তথ্য প্ৰকাশৰ পিছতে সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা । জোনাইৰ অসম -অৰুণাচল সীমান্ত বিভিন্ন অঞ্চলত দিনক দিনে অবাধে ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণেই HIV সংক্ৰমিতৰ সংখ্যা এনেদৰে বৃদ্ধি পোৱা বুলি সন্দেহ কৰিছে সংগঠনটোৰ নেতাগৰাকীয়ে । কাৰণ ড্ৰাগছ সেৱনকাৰীৰ মাজত এটা বেজীৰে কেইবাগৰাকীও ড্ৰাগছ লোৱাৰ প্ৰৱণতা তেনেই সুলভ ।
ইফালে, জোনাইৰ বিভিন্ন অঞ্চলত অবাধে প্ৰচলন হৈ থকা ড্ৰাগছৰ বিৰুদ্ধে প্ৰশাসনে কটকটীয়া ভাৱে অভিযান চলোৱাৰ লগতে ড্ৰাগছৰ এনে উৎসবোৰ উৎখাত কৰাৰ দাবী জনাইছে সংগঠনটোৱে । অন্যথা জোনাইত এনেদৰে অবাধে চলা ড্ৰাগছে নৱ প্ৰজন্মক ধ্বংসৰ মাজলৈ গতি কৰাৰ আশংকা প্ৰকাশ কৰিছে সংগঠনটোৰ নেতা জ্ঞান শৰ্মাই । উল্লেখ্য় যে কালি এক সংবাদমেল যোগে জোনাই মহকুমা স্বাস্থ্য বিষয়া ডা:চন্দ্ৰকান্ত মিলিয়ে এই বিষয়ে তথ্য় সদৰী কৰিছিল ।
লগতে পঢ়ক:জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰৰ সোণালী জয়ন্তীৰ লাইখুঁটা স্থাপন