thumbnail

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:57 PM IST

ETV Bharat / Videos

আলফাৰ শান্তি চুক্তিত ৰাজনৈতিক বিষয়ে স্থান নোপোৱাটো দুৰ্ভাগ্যজনক : পলাশ চাংমাই

মৰাণ, 30 ডিচেম্বৰ : স্বাক্ষৰিত হ’ল বহু চৰ্চিত আলফা- চৰকাৰৰ মাজৰ শান্তি চুক্তি ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকৰ কাৰ্যালয়ত শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আলোচনা পন্থী আলফা গোটৰ নেতৃত্বই চুক্তিত স্বাক্ষৰ কৰে ৷  

আলফাৰ শান্তিৰ চুক্তিক লৈ ৰাজ্যত এতিয়া সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ শান্তি চুক্তিক অধিকাংশ লোকে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ আলফাৰ শান্তি চুক্তিক লৈ সোণাৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হৈ সভাপতি পলাশ চাংমায়ে আলফা আৰু চৰকাৰৰ শান্তি চুক্তিক আদৰণি জনাই যদিও এই চুক্তিত ৰাজনৈতিক বিষয়ে স্থান নোপোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷ এই চুক্তিক লৈ সংগঠনটোৰ সভাপতি গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰাহে পৰিলক্ষিত হয় ৷

40 বছৰ এটা সংগঠনে সশস্ত্ৰ সংগ্ৰাম কৰি 13 হাজাৰৰো অধিক অসমীযা যুৱক- যুৱতী হত্যা হোৱাৰ পাছতো চুক্তিত ৰাজনৈতিক বিষয়ে স্থান নোপোৱাটো দুৰ্ভাগ্যজনক বুলি কয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীয়ে ৷ 

লগতে পঢ়ক : শান্তি চুক্তিত সাপ মাৰি নেগুৰত বিষ ৰাখি থোৱা হ’ল: চিপিআইএম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.