কেতিয়াও কা নমনাৰ হুংকাৰ এ জে ৱাই চি পিৰ

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 2:29 PM IST

thumbnail

জোনাই, 13 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে 2019 চনত চলা প্ৰতিবাদত আৰক্ষীৰ গুলী বুকু পাতি লৈ শ্বহীদ হৈছিল ৰাজ্যৰ পাঁচজনকৈ যুৱক ৷ জাতি, ভাষা, সংস্কৃতি ৰক্ষাৰ যুঁজত ৰাজপথলৈ ওলাই আহি আৰক্ষী গুলী বুকু পাতি লৈছিল দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, দীজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলিমে ৷ 

এই পাঁচ শ্বহীদক স্মৰণ কৰি মঙলবাৰে জোনাইৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আঞ্চলিক সমিতিৰসমূহৰ কাৰ্যকৰ্তা উপস্থিত আছিল ৷ ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মাই কয়, ‘‘কা আমি তেতিয়াও মনা নাছিলো, এতিয়াও নামানো আৰু ভৱিষ্যতেও নামানো ৷’’

লগতে পঢ়ক : সামৰণি পৰিল হাজং জাতীয় পৰিষদ, হাজং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.