অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ পদ্মনাভক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্বৰ্ধনা - অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ
🎬 Watch Now: Feature Video

বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় মুৱাই থাই প্ৰতিযোগিতাৰ ৮৬ কেজি শাখাত অসমক প্ৰতিনিধিত্ব কৰি সোণৰ পদক জয়ৰে টীয়ক তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা টীয়কৰ পদ্মনাভ দাসক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিয়ে পদ্মনাভৰ(AJYCP felicited Padmanav das in Teok) ঘৰত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনায় । ৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হোৱা পদ্মনাভক অন্যান্য খেলুৱৈ সকলৰ দৰে দৃষ্টি দিয়া তথা সকলো সা -সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । লগতে তেওঁৰ এই সফলতাই সকলোকে আপ্লুত কৰি তোলা বুলি উল্লেখ কৰি অনাগত দিনবোৰতো এইদৰে ৰাজ্যখনৰ নাম উজ্বলাব বুলি যুৱ ছাত্ৰ পৰিষদে আশা ব্যক্ত কৰে ।
Last Updated : Feb 3, 2023, 8:27 PM IST