React of Shukur Ali Ahmed: সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত গদ গদ শুকুৰ আলী আহমেদ - Assam Jatiya Parishad
🎬 Watch Now: Feature Video
জনীয়া, ২০ ফেব্ৰুৱাৰী: সমন্বয়ৰ বাৰ্তাবাহক বক্তব্য প্ৰদানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শুকুৰ আলী আহমেদৰ (Shukur Ali Ahmed react on Sarbananda Sonowals remarks)। মাজুলীৰ এখন সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমন্বয়ৰ বাৰ্তাবাহক বক্তব্য প্ৰদান কৰা বাবে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকগৰাকীয়ে (Assam Jatiya Parishad)। তেওঁ কয় যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্যত গণতন্ত্ৰৰ বাবে নতুন সূৰুযৰ উদয় হৈছে । এই বক্তব্য়ই অসমৰ ৰাইজৰ লগতে তেওঁৰো অন্তৰ চুই যোৱা বুলি কয় শুকুৰ আলীয়ে ।
বৰ্তমান অসমত বাল্যবিবাহ বন্ধ আৰু উচ্ছেদৰ নামত বুলড'জাৰ চলাই লোকৰ ঘৰ ভাঙি দিয়াত অসমত এক অস্থিৰ পৰিবেশৰ সৃষ্টি হৈছে ৷ তাৰ প্ৰতি লক্ষ্য কৰি ৩ কোটি ৪০ লাখ মানুহক যিমান দুৰ্যোগ আৰু ধূমূহা আহিলেও একগোট হৈ থকাৰ বাবে সৰ্বানন্দ সোণোৱাল আহ্বান জনাইছে । নিজ দলৰেই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৰাজনৈতিক বাতাবৰণ আৰু জনসাধাৰণৰ হাহাকাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিয়েই বৰ্তমানৰ মুখ্যমন্ত্ৰীক কিছুমান কথা ক'বলৈ বাধ্য হোৱা বুলিও দোহৰে অসম জাতীয় পৰিষদৰ নেতা শুকুৰ আলী আহমেদে ।
ইপিনে,আৰ এছ এছৰ নেতা বশিষ্ঠ বুজৰবৰুৱাই অসমৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থকা মঞ্চৰ পৰা মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক সুৰাৰ ধনেৰে ৰাজ্য চলাবলৈ সুৰাৰ লাইচেঞ্চ দিয়া বন্ধ কৰিবলৈ জনোৱা আহ্বানকো শুকুৰ আলীয়ে আদৰণি জনাইছে (RSS leader comment on)। আৰ এছ এছৰ নেতা বশিষ্ঠ বুজৰবৰুৱাই সুৰাৰ পৰিৱৰ্তে গাখীৰৰ দোকান দিবলৈ লাইচেঞ্চ দিয়াৰ পোষকতা কৰাত মুছলমান সমাজৰ আৰ এছ এছৰ প্ৰতি থকা ধাৰণা সলনি হোৱা বুলিও শুকুৰ আলীয় কয় । তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ঈশ্বৰে সুমতি প্ৰদান কৰাৰো কামনা কৰে ।