Durga Puja 2023: যোৰহাটত পূজা চালে মন্ত্ৰী অজন্তা নেওগে; কুশল কামনা কৰিলে ৰাইজৰ - Durga Puja celebration in Assam
🎬 Watch Now: Feature Video


Published : Oct 20, 2023, 10:56 PM IST
যোৰহাট, ২০ অক্টোবৰ: বেলবৰণেৰে ষষ্ঠীৰ পাতত বহিল দেৱী কাত্যায়নী । আৰম্ভ হ'ল শাৰদীয় দুৰ্গা পূজা । পূজা চাবলৈ যোৰহাট টাউন ৰে'লৱে ষ্টেচনৰ পূজা মণ্ডপত উপস্থিত হ'ল জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা বিত্তমন্ত্ৰী অজন্তা নেওগ । দেৱীৰ ওচৰত আশিস লৈ মন্ত্ৰী নেওগে কয় যে দেৱী দুৰ্গাই সমগ্ৰ ৰাজ্যত সুখ-শান্তি প্ৰদান কৰক আৰু ভক্তসকলে যি আশা লৈ মাৰ ওচৰত আশিস লৈছে সেয়া যেন পূৰ্ণ কৰক ।
তাৎপৰ্যপূৰ্ণ যে উত্তৰ প্ৰদেশ অয্যোধাত নৱনিৰ্মিত ৰাম মন্দিৰ আৰ্হিত যোৰহাট টাউন ৰে'লৱে ষ্টেচন পূজা মণ্ডপ আলোক সজ্জাৰে সু-সজ্জিত কৰি নিৰ্মাণ কৰা হৈছে । সেয়েহে ৰাম মন্দিৰ আহিত নিৰ্মাণ কৰা পূজা মণ্ডপত প্ৰতিষ্ঠা কৰা মা দেৱী দুৰ্গা আশিস ল'বলৈ সকলো লোক ওলাই অহা পৰিলক্ষিত হৈছে । কাৰণ যোৰহাটত বিশেষভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা হাস্পতাল চৌহদৰ সমীপত মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত আৰু টাউন ষ্টেচনত ৰাম মন্দিৰ আৰ্হিৰ পূজা মণ্ডপে সকলো ভক্তক আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: Durga Puja 2023: ভাস্কৰ নগৰত আদি যোগী আৰ্হিৰ পূজা মণ্ডপ উদ্বোধন ৰাজ্যপাল কাটাৰিয়াৰ