Congress Slams AIUDF : এআইইউডিএফক প্ৰত্যাহ্বান জনাই নগাঁও-কলিয়াবৰ লোকসভা সমষ্টি দখলৰ ৰণনীতি কংগ্ৰেছৰ - APCC president Bhupen Kumar Bora
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-06-2023/640-480-18798502-thumbnail-16x9-01-bhupenbora-aspera.jpg)
নগাঁও, ২০ জুন : বিগত লোকসভা নিৰ্বাচনত এআইইউডিএফৰ বোকোচাত উঠি নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টি দখল কৰিবলৈ সক্ষম হোৱা কংগ্ৰেছে এইবাৰ এআইইউডিএফক প্ৰত্যাহ্বান জনাই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে । মঙলবাৰে নগাঁৱত উপস্থিত হোৱা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত কেইবাটাও মন্তব্য কৰে ।
এআইইউডিএফৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈ পূৰ্বে কংগ্ৰেছে নিৰ্বাচন জিকাৰ উদাহৰণ আছে বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰে । আনহাতে, এআইইউডিএফ দলে প্ৰাৰ্থী দিলেও নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত বুলি তেওঁ মন্তব্য কৰে ।
ইপিনে মণিপুৰত সংঘটিত সংঘৰ্ষ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় ভূপেন বৰাই । বিদেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী ব্যস্ত থকাৰ কথা উল্লেখ কৰি ভূপেন বৰাৰ মন্তব্য, স্বদেশতকৈ বিদেশত থাকি ভালপায় প্ৰধানমন্ত্ৰীয়ে । আনহাতে, প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ সংঘৰ্ষ সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।