অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ 1971 হোৱাটোৱেই বিচাৰে আজমলে

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 9:01 PM IST

Updated : Dec 7, 2023, 10:53 PM IST

নিউজ ডেস্ক, 7 ডিচেম্বৰ: অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰৰ শুনানিৰ আজি তৃতীয় দিন ৷ একাংশই অসমত এই ভিত্তিবৰ্ষ 1971 হোৱাটো বিচৰাৰ বিপৰীতে আন একাংশই বিচাৰিছে 1951 ৷ এই সন্দৰ্ভত এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে দিল্লীত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

সংবাদ সংস্থা এ এন আইক প্ৰদান কৰা ভাষ্যত আজমলে কয় যে তেওঁলোকে ভিত্তিবৰ্ষ 1971 হোৱাটো বিচাৰে আৰু উচ্চতম ন্যায়ালয়ে 1971 ৰ সপক্ষে ৰায় দিব বুলি তেওঁ আশাবাদী ৷ সৰ্বোচ্চ ন্যায়লয়ৰ বিচাৰপীঠে যি তথ্য-পাতি বিচাৰিছে সেয়া ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিব পৰা নাই বুলি উল্লেখ কৰি আজমলে কয় যে বিৰোধী পক্ষই কিছুমান পেপাৰ কাটিং, কাকত-আলোচনীত প্ৰকাশিত বাতৰিৰ টুকুৰাহে যোগান ধৰিছে ৷ যাক বৈধ নথি বুলি ক’ব পৰা নাযায় ৷ গতিকে উচ্চতম ন্যায়ালয়ৰ ৰায় তেওঁলোকৰ সপক্ষেই থাকিব বুলি দৃঢ়তা প্ৰকাশ কৰি ৰায়দানলৈ বাট চোৱাৰ কথা আজমলে উল্লেখ কৰে ৷

লগতে পঢ়ক: অসমৰ অবৈধ অনুপ্ৰৱেশকাৰী গোচৰৰ শুনানি, সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰক প্ৰশ্ন আদালতৰ

Last Updated : Dec 7, 2023, 10:53 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.