Gun recovered at Raha: ৰহাৰ সৰিয়হতলী মিকিৰগাঁৱত উদ্ধাৰ এয়াৰ গান - উদ্ধাৰ এয়াৰ গান
🎬 Watch Now: Feature Video
ৰহা, 20 মাৰ্চ : সোমবাৰে পুৱা ৰহাৰ সৰিয়হতলী মিকিৰগাঁৱত উদ্ধাৰ হৈছে এটা এয়াৰ গান (Gun recovered at Raha) ৷ এই এয়াৰ গানটোক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ তাৰ পাচতে খবৰ দিয়া হয় চাপৰমুখ আৰক্ষীক ৷ পৰৱৰ্তী সময়ত উক্ত স্থানত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে এয়াৰ গানটোক ৷
সংবাদ মাধ্যমৰ আগত চাপৰমুখ আৰক্ষীয়ে উল্লেখ কৰা কৰা অনুসৰি, সৰিয়হতলী মিকিৰগাঁৱৰ এখনি ধাননি পথাৰৰ পিতনিত এজন লোকে প্ৰত্যক্ষ কৰে বন্দুকটো ৷ তাৰ পাচতে এই বন্দুকটোক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
পৰৱৰ্তী পৰ্যায়ত স্থানীয় লোকৰ খবৰৰ ভিত্তিত উক্ত স্থানত আৰক্ষীৰ এটা দল উপস্থিত হৈ পিতনিৰ মাজৰ পৰা উদ্ধাৰ কৰে বন্দুকটো (Air gun recovered at Raha) ৷ ইফালে উদ্ধাৰ হোৱা বন্দুকটো এয়াৰ গান বুলি উল্লেখ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, উদ্ধাৰ হোৱা এয়াৰ গানটো জীৱ-জন্তু চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷
লগতে পঢ়ক : Helicopter crash in Arunachal: ‘বাৰ্মুদা ট্ৰায়েংগল’ হৈ পৰিছে নেকি অৰুণাচলৰ দুৰ্গম পাহাৰীয়া অঞ্চল ?