thumbnail

By

Published : May 27, 2023, 3:55 PM IST

ETV Bharat / Videos

Guwahati pipeline burst: অসুস্থ ৰশ্মি ৰাভাক GMCH ত ICU ত ভৰ্তি

গুৱাহাটী ,২৭ মে': খাৰঘুলি জয়পুৰত আশ্ৰয় শিবিৰত ভুক্তভোগীৰ দুৰ্দশা । আজিৰ দিনটোত আশ্ৰয় শিবিৰত নাই এম্বুলেন্স, চিকিৎসা কৰ্মী । আশ্ৰয় শিৱিৰত অসুস্থ হৈ পৰিছে খাৰঘুলিস্থিত পানী পৰিশোধন প্ৰকল্পৰ পাইপলাইন ফাটি হোৱা জলবিস্ফোৰণত নিহত সুমিত্ৰা ৰাভাৰ নাতিনী ৰশ্মি ৰাভা । একো নোখোৱাৰ ফলত অসুস্থ হৈ পৰিছে ৰশ্মি ৰাভা । শনিবাৰে শিৱিৰৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হয় ৰশ্মিক (Ailing Rashmi Rabha admitted to ICU in GMCH) ।  

ব্যক্তিগত বাহনত লৈ যোৱা হয় ৰশ্মিক । শুকুৰবাৰেও অসুস্থ হৈ পৰিছিল ৰশ্মি ৰাভা । জি এচ চি এইছত প্ৰাথমিক চিকিৎসা কৰি শিৱিৰলৈ লৈ অহা হৈছিল । কিন্তু একো নোখোৱাৰ ফলত শনিবাৰে পুণৰ অসুস্থ হৈ পৰে ৰশ্মি (Water pipe explosion at Kharghuli Guwahati) । বৰ্তমান ৰশ্মি ৰাভাক GMCH ৰ ICU ত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।  

উল্লেখ্য যে,বৃহস্পতিবাৰে খাৰঘুলিত জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানীযোগান প্ৰকল্পৰ পাইপলাইনত সংঘটিত হয় জলবিস্ফোৰণ (Guwahati pipeline burst) । ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল খাৰঘুলি জয়পুৰত । জলবিস্ফোৰণত নিহত হৈছিল সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলা । এতিয়া সৰুতেই মাতৃহাৰা হোৱা আৰু প্ৰায় চাৰিবছৰ আগত পিতৃকো হেৰুওৱা সুমিত্ৰা ৰাভাৰ নাতিনী ৰশ্মি ৰাভাৰ এতিয়া নাজল-নাথল অৱস্থা । 

লগতে পঢ়ক: Modi govt's 9th anniversary celebrations: বিজেপিৰ মুখ্য কাৰ্যালয়ত জিলা কাৰ্যালয় প্ৰবন্ধন সমিতিৰ সাংগঠনিক সভা

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.