thumbnail

By

Published : Feb 19, 2023, 8:17 PM IST

ETV Bharat / Videos

All India Education Health and Social Service Trust : সৰ্বসাধাৰণ ৰাইজৰ বাবে জীৱন ৰক্ষা ৩৬৫ কাৰ্ড

গুৱাহাটী,১৯ ফেব্ৰুৱাৰী : অল ইণ্ডিয়া ইডুকেশ্বন, হেল্থ আৰু চ'ছিয়েল চাৰ্ভিছ ট্ৰাষ্টৰ বিশেষ পদক্ষেপ (AIEHSS Trust initiative)। সৰ্বসাধাৰণ ৰাইজৰ শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে ট্ৰাষ্টে । ট্ৰাষ্টৰ তৃতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি সৰ্বসাধাৰণ ৰাইজক ট্ৰাষ্টে প্ৰদান কৰিব জীৱন ৰক্ষা ৩৬৫ নামৰ এখন বিশেষ কাৰ্ড (Jeevan Raksha 365 card by AIEHSS Trust)। মাত্ৰ ৩৬৫ টকাৰ বিনিময়ত যিকোনো লোকে এই কাৰ্ডখন লাভ কৰি বছৰটোত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণ সুবিধা লাভ কৰিব পাৰিব ।

দেওবাৰে এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে ট্ৰাষ্ট বিষয়ববীয়াই । ট্ৰাষ্টৰ অধ্যক্ষ পাৰ্থ দত্তই জনোৱা মতে বিগত তিনি বছৰ ধৰি তেওঁলোকে দৰিদ্ৰলোকৰ লগতে ৰাইজৰ বাবে আগবঢ়াই আহিছে বিভিন্ন সেৱা । দেওবাৰে ট্ৰাষ্টে জীৱন ৰক্ষা ৩৬৫ শীৰ্ষক বিশেষ কাৰ্ড এখন মুকলি কৰে (AIEHSS Trust launched Jeevan Raksha 365 card)।

কাৰ্ডখনৰ জৰিয়তে ১ ৰ পৰা ১২ বছৰীয়া শিশুসকলক অনুষ্ঠানটোৰ সৈতে জড়িত থকা যিকোনো হাস্পতালত বিনামূলীয়াকৈ চিকিৎসা কৰাব পাৰিব । লগতে, যিকোনো ব্যক্তিয়ে কাৰ্ডখনৰ জৰিয়তে শিক্ষা, স্বাস্থ্য আৰু ঔষধত লাভ কৰিব ১০ ৰ পৰা ৩৫ শতাংশ পৰ্যন্ত ৰেহাই । আনহাতে, বিশেষভাৱে সক্ষম, দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ব্যক্তিসকলে জীৱন ৰক্ষা কাৰ্ডৰ জৰিয়তে লাভ কৰিব বিশেষ সুবিধা (Benefit of Jeevan Raksha 365 card)।

সংবাদমেল সম্বোধন কৰি অধ্যক্ষ পাৰ্থ দত্তই কয় যে পূৰ্বতে তেওঁলোকে জীৱন ৰক্ষা কাৰ্ড প্ৰদান কৰিছিল । এই কাৰ্ডৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু আৰ্থিকভাৱে পিছপৰা ব্যক্তিসকলক ২০০ টকাৰ বিনিময়ত কাৰ্ডখন প্ৰদান কৰা হৈছিল । বিশেষকৈ শিশু , শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিক, বিধৱা আৰু বিশেষভাৱে সক্ষম লোকক এই কাৰ্ড প্ৰদান কৰা হৈছিল । কিন্তু জীৱন ৰক্ষা ৩৬৫ কাৰ্ডখন সমাজৰ সকলো লোকে লাভ কৰিব পাৰিব । ৩৬৫ টকাৰ বিনিময়ত এই কাৰ্ড প্ৰদান কৰা হ'ব । ট্ৰাষ্টৰ সৈতে জড়িত থকা চিকিৎসালয়, ফাৰ্মাচী, শিক্ষানুষ্ঠানত বিশেষ ৰেহাই পাব এই কাৰ্ডৰ গৰাকীয়ে ।

আনহাতে বাল্যবিবাহৰ বিষয়ত সজাগতাৰ ক্ষেত্ৰতো এই ট্ৰাষ্টে কাম কৰিব বুলি সংবাদমেলত উল্লেখ কৰে । প্ৰতিখন জিলাতে বাল্যবিবাহৰ বিৰুদ্ধে আইনী দিশ, স্বাস্থ্য আৰু শিক্ষা বিষয়ত সজাগতা সৃষ্টিৰ বাবে সভাকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও ট্ৰাষ্টৰ অধ্যক্ষ পাৰ্থ দত্তই উল্লেখ কৰে ।

লগতে পঢ়ক :MV Ganga Vilas Cruise : গোৱালপাৰাত উপস্থিত এম ভি গংগা বিলাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.