Parkash Singh Badal: প্ৰকাশ সিং বাদলৰ আদ্যশ্ৰাদ্ধত অংশ ল’লে অগপ নেতৃত্বই - AGP ministers in Punjab
🎬 Watch Now: Feature Video
নিউজ ডেস্ক, 4 মে’: শেহতীয়াকৈ ইহলীলা সম্বৰণ কৰা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু শিৰোমণি অকালি দলৰ (এছএডি) পিতৃপুৰুষ প্ৰকাশ সিং বাদলৰ আদ্যশ্ৰাদ্ধত উপস্থিত হৈছে অগপৰ নেতৃত্ব (Former CM Parkash Singh Badal) ৷ পঞ্জাৱৰ মুক্তচৰৰ বাসগৃহত আজি অসম গণ পৰিষদৰ মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য উপস্থিত থাকে (AGP ministers in Punjab) ৷
এই সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাই কয় যে, আমি বাদলজীক অগপৰ এজন শুভাকাংক্ষী হিচাপে পাই ধন্য হৈছিলো । অসমৰ জনসাধাৰণৰ সৈতেও তেওঁৰ ভাল সম্পৰ্ক আছিল । অগপৰ নেতৃত্বই বাদলৰ পঞ্জাৱত থকা জন্মস্থান বাদল গাঁও পৰিদৰ্শন কৰে । ভাৰতৰ অন্যতম উচ্চতম নেতালৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অগপ নেতৃত্বই ।
লগতে বৰাই কয়, ‘‘বাদলজীৰ মৃত্যু হৈছে এক ডাঙৰ ক্ষতি যিয়ে পঞ্জাৱ আৰু ৰাষ্ট্ৰৰ উন্নয়ন আৰু কৃষকসকলৰ সৱলীকৰণ আৰু সমাজৰ দলিত সকলৰ সৱলীকৰণত যথেষ্ট অৰিহণা যোগাইছিল । শিৰোমণি অকালি দল গঠনত তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু নিষ্ঠা আমাৰ বাবে সদায় অনুপ্ৰেৰণা । তেওঁ প্ৰজন্ম ধৰি প্ৰজন্মক অনুপ্ৰাণিত কৰিব ৷’’(Requiem of Parkash Singh Badal)
এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ, লোকসভা অধ্যক্ষ ওম বিৰলা, সমগ্ৰ দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা, ধৰ্মীয় নেতা, পৰিয়ালৰ সদস্য আৰু আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক: Manipur Violence: অশান্ত মণিপুৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ ৰাজ্যপালৰ