thumbnail

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 7:48 PM IST

ETV Bharat / Videos

অগপ-বিজেপিৰ মাজত আসনক লৈ হোৱা নাই আলোচনা : অতুল বৰা

কলিয়াবৰ, ১০ জানুৱাৰী: ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ । ব্যতিক্ৰম নহয় অসম গণ পৰিষদ । বুধবাৰে কাজিৰঙা সমষ্টিৰ ১০টা বিধান পৰিষদৰ বুথ পৰ্যায়ৰ কৰ্মীসকলক লৈ সন্মিলনৰে ৰণশিঙা বজালে অসম গণ পৰিষদে । কলিয়াবৰৰ এই বুথ সন্মিলনত উপষ্ঠিত থাকে দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলীয় নেতা-কৰ্মীসকল । সন্মিলনৰ পূৰ্বে অগপৰ সভাপতি, কাৰ্যকৰী সভাপতিসহ দলীয় নেতৃত্বই আশিস ল'লে কুঁৱৰীটোলৰ বগাজন সত্ৰৰ নামঘৰত ।

সভাপতি অতুল বৰাই এই প্ৰসংগত কয়, "২০২৪ ৰ লোকসভা নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত আসনক লৈ আলোচনা হোৱা নাই । এই বৰ্ষ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বৰ্ষ । অগপৰ দখলত লোকসভা সমষ্টি পূৰ্বতে আছিল যদিও বৰ্তমান নাই । সেয়ে দলটোৰ শক্তি বৃদ্ধিৰে সাজু হৈছে । এইবাৰ অগপৰ প্ৰতিনিধি লোকসভালৈ পঠিওৱাৰ বাবে সংকল্প ল'ব লাগিব । ফেব্ৰুৱাৰীত আলোচনা মৰ্মে সিদ্ধান্ত লোৱা হ'ব ।" ইপিনে, বিজেপিৰে থকা মিত্ৰতা সন্দৰ্ভত মন্তব্য় কৰি তেওঁ কয়, "উন্নয়নৰ বিৰামহীন যাত্ৰা অটুট ৰাখিবলৈ মিত্ৰতা ।" কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি অতুল বৰাই কয়, "কংগ্ৰেছ এটা হতাশগ্ৰস্ত দল ।"

আনহাতে,৩৮ বছৰ অগপৰ বিধায়ক হৈ থকা ফণীভূষণ চৌধুৰীয়ে কয়,"আমি সংগঠন কৰিব লাগিব । আৰু শক্তিশালী কৰিব লাগিব যাতে মিত্ৰজোঁটে আনন্দমনেৰে কাজিৰঙা লোকসভা সমষ্টিটোৰ আমি দাবীদাৰ হ'ব পাৰো ।"

আজি কলিয়াবৰত অনুষ্ঠিত কাজিৰঙা লোকসভা সমষ্টিৰ বুথ পৰ্যায়ৰ এখন দলীয় কৰ্মী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক ফণীভূষণ চৌধুৰী, ডাঃ কমলা কলিতাকে ধৰি দলীয় নেতৃবৃন্দ ।  

লগতে পঢ়ক:আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত চলোৱা বোমা আক্ৰমণৰ কেতবোৰ ফটো প্ৰকাশ সংগঠনটোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.