ৰঙাগড়া চাহ বাগিচাত মৃত্যু হোৱা নাহৰফুটুকীটোক নুমলীগড়ত সৎকাৰ

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:04 PM IST

thumbnail

গোলাঘাট, ৩০ ডিচেম্বৰ : ২৯ ডিচেম্বৰত কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া চাহ বাগিচাত উদ্ধাৰ হয় এটা প্ৰাপ্ত বয়স্ক মৃত নাহৰফুটুকী ৷ স্থানীয় ৰাইজে মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰাৰ পাচতে খবৰ দিয়ে বন বিভাগৰ লোকক ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ উদ্ধাৰ কৰে মৃত বাঘটো ৷

উল্লেখ্য যে, নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত ৰঙাগড়া চাহ বাগিচাৰ ১১ নম্বৰ লাইনত দীৰ্ঘদিন ধৰি নাহৰফুটুকী বাঘটোৱে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । প্ৰথমে প্ৰাপ্তবয়স্ক বাঘটো কোনো অচিন ৰোগত মৃত্যু হোৱাৰ আকংশা কৰিছিল বনবিভাগে ।

কিন্তু শনিবাৰে কাজিৰঙাৰ বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক ভাস্কৰ চৌধুৰীয়ে নুমলীগড় খণ্ড বন কাৰ্যালয়ত মৃত বাঘটোৰ মৰোণোত্তৰ পৰীক্ষাৰ কৰে । মৰোণোত্তৰ পৰীক্ষাৰ অন্তত নাহৰফুটুকীটো হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে চিকিৎসক চৌধুৰীয়ে ৷

লগতে তেওঁ মৃত বাঘটোৰ শৰীৰ কিছু অংশ বন বিভাগৰ যোগেদি লেবৰটৰীলৈ প্ৰেৰণ কৰা হৈছে বুলিও মন্তব্য কৰে । আনহাতে, মৰোণোত্তৰ পৰীক্ষাৰ অন্তত নুমলীগড় খণ্ড বন কাৰ্যালয় চৌহদত বনবিভাগে স-সন্মানেৰে স্থানীয় গাঁও প্ৰধান, সাংবাদিক, বন বিভাগৰ উচ্চ পদস্থ বিষয়া, চিকিৎসক আদিৰ উপস্থিতিত মৃত নাহৰফুটুকীটো সৎকাৰ কৰে ।

লগতে পঢ়ক : তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.