Fake Orunodoi Form in Nalbari : অবৈধভাৱে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিক্ৰী কৰা দোকানত প্ৰশাসনৰ অভিযান

🎬 Watch Now: Feature Video

thumbnail

নলবাৰী, ১৬ অক্টোবৰ : নলবাৰী চহৰৰ মছজিদ চ'কত প্ৰশাসনৰ অভিযান । চহৰখনৰ মাজমজিয়াৰ মছজিদ চ'কত থকা কেইবাখনো কম্পিউটাৰৰ অনলাইন বিপণিত আজি জিলা প্ৰশাসনে অভিযান চলায় । বিপণিকেইখনত অবৈধভাৱে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । আটাইকেইখন বিপণিতে প্ৰশাসনে অভিযান চলাই জব্দ কৰে লেপটপ, বিপণিৰ অনুজ্ঞাপত্ৰৰ লগতে অৰুণোদয় আঁচনিৰ বহু জাল প্ৰ-পত্ৰ । জিলা কাৰ্যবাহী দণ্ডাধীশ উদেষ্ণা শৰ্মাৰ নেতৃত্বত নলবাৰী আৰক্ষীয়ে চলায় এই অভিযান । বিপণীকেইখনৰ স্বত্বাধিকাৰীসকলক নলবাৰী আৰক্ষী সদৰ থানালৈ ইতিমধ্যে তলব কৰা হৈছে । আনহাতে জিলা কাৰ্যবাহী দণ্ডাধীশ উদেষ্ণা শৰ্মাই সকলোকে আহ্বান জনায় যে কোনেও যাতে এনেধৰণৰ বিপণিৰ পৰা আঁচনিৰ প্ৰ-পত্ৰ সংগ্ৰহ নকৰে ৷ পৰৱৰ্তী সময়তো নলবাৰী নগৰৰ লগতে কাষৰীয়া অঞ্চলত এনেধৰণেৰে অবৈধভাৱে বিক্ৰী কৰি থকা নথি-পত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি দণ্ডাধীশগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: CM vigilance raid: উৎকোচ লৈ গ্ৰেপ্তাৰ কামৰূপৰ সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.