Actor Raag Oinitom Controversy: ৰাগ ঐনিতমে বেয়াকৈ কোৱা নাছিল; ৰাইজেহে হেনো ভুলকৈ বুজিলে ! - ৰাগ ঐনিতম ক্ষমা প্ৰাৰ্থনা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 11:00 PM IST

চামগুৰি, 3 নৱেম্বৰ : ৰাঘৱ ছবিৰ সন্দৰ্ভত অসমৰ ৰাইজক লৈ বিৰূপ মন্তব্য আগবঢ়োৱা অভিনেতা ৰাগ ঐনিতমে আজি বঢ়মপুৰত এক সংবাদমেলযোগে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে । উল্লেখ্য যে, নগাঁৱৰ পুৰণিগুদামৰ কঢ়ালীগাঁৱত এখন বোলছবিৰ শুভ মহুৰত অনুষ্ঠানত উপস্থিত থাকি ৰাঘৱ ছবিৰ সন্দৰ্ভত এক ক্ষুদ্ধ মন্তব্য প্ৰকাশ কৰিছিল অভিনেতাগৰাকীয়ে । ৰাঘৱক বিৰোধিতা কৰাসকলক সাংস্কৃতিকদ্ৰোহী তথা মূৰ্খ বুলি আখ্যা দিছিল অভিনেতা ৰাগ ঐনিতমে । তাৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । সংবাদমেলত অভিনেতাগৰাকীয়ে কয় যে, তেওঁৰ মন্তব্যৰ কোনো বেয়া উদ্দেশ্য নাছিল, বৰঞ্চ ৰাইজেহে ভুলকৈ বুজিলে ৷ ৰাইজে ভুলকৈ বুজাৰ বাবে তেওঁৰো মনটো বেয়া লগা বুলি উল্লেখ কৰিলে ৰাগ ঐনিতমে ৷ ৰাইজক সমালোচনা কৰাৰ ধৃষ্টতা নাই বুলিও মন্তব্য কৰে অভিনেতা ৰাগ ঐনিতমে ৷

লগতে পঢ়ক : Raghav Boycott Trend : জনতা জনাৰ্দনক মূৰ্খ আখ্যা ৰাগ ঐনিতমৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.