Tea worker protest : উত্তাল টিংখাঙৰ পিঠাগুটি চাহ বাগিচা

By

Published : Jul 12, 2022, 5:12 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail
ডিব্ৰুগড়ৰ টিংখাঙৰ পিঠাগুটি চাহ বাগিচাত উত্তাল প্ৰতিবাদ (Protest at Pithaguti Tea Garden)। অসম চাহ মজদুৰ সংঘৰ আহ্বানত আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত মঙলবাৰে বাগিচা পৰিচালকৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় (ACMS protest at Tingkhong)। চাহ বাগিচা শ্ৰমিক আইন ১৯৫১ কাৰ্যকৰীকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, বাগিচা অঞ্চলৰ শিক্ষিত নিবনুৱাক স্থায়ী নিযুক্তি প্ৰদান কৰা, ভৱিষ্যনিধি আৰু গ্ৰেছুইটি সময়মতে প্ৰদানৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী । বাগিচাৰ মালিক আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.