Mission against drugs : লখিমপুৰ আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিলে ড্ৰাগছ সৰবৰাহকাৰীয়ে - আৰক্ষীক আক্ৰমণ কৰা ড্ৰাগছ সৰবৰাহ
🎬 Watch Now: Feature Video


Published : Sep 9, 2023, 12:06 PM IST
বিহপুৰীয়া, 9 ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ অবাধ প্ৰচলন ৷ এইবাৰ আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিলে ড্ৰাগছ সৰবৰাহৰ এজন অভিযুক্তই ৷ অভিযুক্তটো ছাদ্দাম হুছেইন ৷
শুকুৰবাৰে নিশা আত্মসমৰ্পণ কৰিছে আৰক্ষীক আক্ৰমণ কৰা ড্ৰাগছ সৰবৰাহৰ অভিযুক্ত ছাদ্দাম হুছেইন ওৰফে বুলাইটে । লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে ড্ৰাগছ বেপাৰী ছাদ্দামে । আৰক্ষীৰ হাতত কামুৰি বেলাইতে পলায়ন কৰিছিল বুলি অভিযোগ উঠিছে ।
অসামৰিক পোছাকত লালুক আৰক্ষীয়ে অভিযান চলাইছিল ৷ বঙালমৰাৰ 2 নং আহমেদপুৰত অভিযানৰ সময়তে ছাদ্দাম ওৰফে বেলাইত আৰু পৰিয়ালে আৰক্ষীক আক্ৰমণ কৰিছিল বুলি অভিযোগ উঠে । ইয়াৰ পিছতে আৰক্ষীৰ বেষ্টনীৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল কুখ্যাত ড্ৰাগছ বেপাৰী ছাদ্দাম হুছেইন ওৰফে বেলাইতে ।
অৱশ্যে সংবাদ মাধ্যমৰ আগত আৰক্ষীক আক্ৰমণ কৰা অভিযোগক নস্যাৎ কৰে অভিযুক্ত ছাদ্দাম হুছেইনে ৷