Belsor police station : আৰক্ষীৰ চকুত ধূলি মাৰি পলায়নৰ বৃথা চেষ্টা আচামীৰ - নলবাৰী জিলাৰ বেলশৰ আৰক্ষী
🎬 Watch Now: Feature Video
নলবাৰী, 22 জুলাই : হেণ্ডকাফ হাতেৰেই আৰক্ষী বেষ্টনীৰ পৰা পলায়নৰ চেষ্টা আচামীৰ ৷ নলবাৰীত সংঘটিত হৈছে এই কাণ্ড ৷ আৰক্ষীৰ হেণ্ডকাফ হাতত লগোৱাৰ পিছতো পলায়নৰ চেষ্টা চলায় এটা আচামীয়ে । নলবাৰী জিলাৰ বেলশৰ আৰক্ষীৰ হাতৰ পৰা পলোৱাৰ অপচেষ্টা চলায় ধৃত আচামীটোৱে ।
ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, বেলশৰ আৰক্ষীৰ তত্বাৱধানত থকা আচামীটোক শুকুৰবাৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ আনিছিল আৰক্ষীয়ে । ইয়াৰ পিচতে চিকিৎসালয়ৰ পৰা পলায়নৰ চেষ্টা চলায় আচামীটোৱে আৰু চিকিৎসালয়ৰ কাষতে থকা পিতনিত আত্মগোপন কৰে ৷ পলায়নৰ চেষ্টা চলোৱা আচামীজন চম্পক দাস বুলি জানিবলৈ পৰা গৈছে ৷
কেবাঘণ্টাজোৰা অভিযান তথা ৰাইজৰ সহযোগত আৰক্ষীয়ে পিতনিটোৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় আচামী চম্পক দাসক ।
লগতে পঢ়ক : Lightning storm kills farmer: বজ্ৰপাতত হাল বোৱা গৰুসহ কৃষকৰ কৰুণ মৃত্যু
TAGGED:
নলবাৰী জিলাৰ বেলশৰ আৰক্ষী