Dacoit Arrested: আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী - শদিয়াত গ্ৰেপ্তাৰ কেনাৰাম বসুমতাৰী
🎬 Watch Now: Feature Video
বৰপেটাৰোড, 5 জুন : বৰপেটাৰোডৰ SBI ৰ গ্ৰাহক সেৱা কেন্দ্ৰত বিগত বুধবাৰে নিশা দুটা ডকাইতে গুলীচালনা কৰি গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰা ধন লুটৰ অপচেষ্টা চলাইছিল । সেইদিনাই স্থানীয়লোকে ফজল হক নামৰ এটা ডকাইতক কৰায়ত্ত কৰি উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিছিল যদিও আনটো ডকাইত পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷ পলায়ন কৰি আত্মগোপন কৰি থকা দুৰ্ধৰ্ষ ডকাইতটোক অৱশেষত উজনি অসমৰ শদিয়াৰ পৰা বৰপেটাৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Dacoit Kenaram Basumatary arrested in Sadiya) ৷ ধৃত ডকাইতটোৰ নাম কেনাৰাম বসুমতাৰী বুলি জানিব পৰা গৈছে ৷
উত্তৰ বৰপেটাৰোডৰ CSP কেন্দ্ৰত ব্যৱহাৰ কৰা ৭.৬৫ এম এম এটা পিষ্টল জব্দ কৰাৰ লগতে এখন মটৰ চাইকেলো জব্দ কৰে বৰপেটাৰোড আৰক্ষীয়ে । স্মৰ্তব্য যে দুধর্ষ ডকাইত কেনাৰাম বসুমতাৰীক আশ্ৰয় দিয়া হেমন্ত ভূঞা নামৰ আন এজন লোককো গ্ৰেপ্তাৰ কৰি বৰপেটালৈ লৈ আনে আৰক্ষীয়ে ৷ দুধর্ষ ডকাইত কেনাৰাম বসুমতাৰীৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত ৭৪/২০২৩ নম্বৰ ইউ/এছ. ৪৪৮/৩৮৪/৩৯২/৩৪ আইপিচি আৰ/ডব্লিউ ধাৰাত ২৫(১)(ক)/২৭ অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু হৈ আছিল (Barpeta police arrested dacoit Kenaram Basumatary)।
সোমবাৰে সন্ধিয়া কটকটীয়া নিৰাপত্তাৰ মাজেৰে কেনাৰাম বসুমতাৰী আৰু হেমন্ত ভূঞাক বৰপেটাৰোড আৰক্ষী থানালৈ আনি মাৰাথন জেৰা অব্যাহত ৰাখিছে যদিও সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে বৰপেটাৰোড আৰক্ষী (Dacoit Kenaram Basumatary arrested) ৷
লগতে পঢ়ক : Crude oil smuggling : খাৰুৱা তেল চুৰি; সাংবাদিকসহ চাৰিজনক গ্ৰেপ্তাৰ