Abhiruchi Sports Day 2023: নামৰূপ আৰু নাহৰকটীয়াত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন - অভিৰুচি ক্ৰীড়া দিৱস পালন
🎬 Watch Now: Feature Video
Published : Sep 3, 2023, 12:11 PM IST
নাহৰকটীয়া , ৩ ছেপ্টেম্বৰ : আজি অভিৰুচি ক্ৰীড়া দিৱস ৷ অসমৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন ৷ দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে সমগ্ৰ অসমৰ লগতে নামৰূপতো পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস ৷
নামৰূপ গান্ধী ময়দানত নামৰূপৰ চি এচ এ, টাইকোৱানডো ক্লাৱ, বেডমিণ্টন ক্লাৱ, কাবাদি ক্লাৱকে প্ৰমুখ্য কৰি ২০ টা ক্ৰীড়া সংগঠনৰ সহযোগত আয়োজিত এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা শোভাযাত্ৰা উদ্বোধন কৰে নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দুৰ্গা প্ৰসাদ গগৈয়ে ৷
শোভাযাত্ৰাৰ পাচতেই গান্ধী ময়দানত দেশৰ ক্ৰীড়া ক্ষেত্ৰত নাম উজ্জ্বল কৰা নামৰূপৰ কেইবাজনো বিভিন্ন ক্ৰীড়া ক্ষেত্ৰৰ ক্ৰীড়াবিদক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ইয়াৰ পাচতে নামৰূপ টাইকান্দ’ ক্লাৱৰ সমৰ কলা প্ৰদৰ্শন আৰু প্ৰতিমূলক মহিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
ইফালে অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত দেওবাৰে পুৱা ৬ বজাত মুকলি মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰা হয় । গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি আদিকে কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৩৫০ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷
উক্ত মাৰাথন দৌৰ প্ৰতিযোগিতাখনি নাহৰকটীয়া বিধানসভা সমষ্টিৰ নিগাম হাই স্কুলৰ খেল পথাৰৰ পৰা নাহৰকটীয়া নগৰ হৈ নাহৰকটীয়া মহাবিদ্যালয়ত সমাপ্ত হয় । নৱ প্ৰজন্মক খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত মাৰাথন দৌৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ৰাজ্যিক খেলুৱৈ চিকুন সোণোৱাল আৰু লোকনাথ গগৈয়ে । সমান্তৰালকৈ নাহৰকটীয়া ক্ৰীড়া সন্থাৰ উদ্যোগতো এক ব্যতিক্ৰমী ৰেলীৰ জৰিয়তে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় ।
লগতে পঢ়ক : Abhiruchi Sports Day 2023: মৰাণত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন