AATSA Protest in Dibrugarh: জনজাতিকৰণৰ দাবীত ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আটছাৰ তীব্ৰ প্ৰতিবাদ - লোকসভা নিৰ্বাচন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 10, 2023, 6:37 PM IST

ডিব্ৰুগড়, 10 জুলাই: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত পুনৰ মূৰ দাঙি উঠিছে জনজাতিকৰণৰ প্ৰসংগ ৷ শাসনাধিষ্ঠিত বিজেপি চৰকাৰে ৰাজ্যৰ ছটাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ কথা পূৰ্বে ঘোষণা কৰিছিল ৷ কিন্তু কাৰ্যতঃ বৰ্তমানেও সেয়া হৈ নুঠাত ৰাজ্যত আৰম্ভ হৈছে জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ ৷

সোমবাৰে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ আটছাৰ ৷ হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ প্ৰায় তিনি শতাধিক চাহ জনগোষ্ঠীৰ প্ৰতিবাদী লোকে উত্তাল কৰি তোলে ডিব্ৰুগড় ৷  

‘‘বিজেপি চৰকাৰ হায় হায়’’, ‘‘বিজেপি চৰকাৰ মিছলীয়া, চাহ জনগোষ্ঠীৰ লোক সকলক অতি শীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান কৰক’’ আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদীসকলে উত্তাল কৰি তোলে পৰিৱেশ ৷ চাহ জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চৰকাৰে চৰম প্ৰতাৰণা কৰি এই বিষটো এক নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি অহাক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে অনাগত দিনত ইয়াতকৈও তীব্ৰতৰ আন্দোলন কৰাৰো হুংকাৰ দিয়ে আটছাৰ নেতৃবৰ্গ‌ই ৷ প্ৰতিবাদৰ অন্তত এই সন্দৰ্ভত এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদী সংগঠনটোৰ নেতৃবৰ্গ‌ই ৷

লগতে পঢ়ক : Constituency delimitation 2023 : শিৱসাগৰত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.