AATSA protest : চাহ বাগান অঞ্চলত বিজেপিক নিষিদ্ধ কৰাৰ হুংকাৰ আটছাৰ - AATSA protest in Sivasagar

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 26, 2023, 6:18 PM IST

শিৱসাগৰ, 26 জুন : শিৱসাগৰত চাহ জনজাতি ছাত্ৰ সন্থা ( আটাছা )ৰ 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৷  চাহ জনগোষ্ঠীয় লোকসকলক ভূমি আৱন্টন আৰু পট্টা প্ৰদান কৰাৰ দাবীত সোমবাৰে এই দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয় ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থা ( আটছা ), অসম চাহ জনজাতি মহিলা সমিতি শিৱসাগৰ জিলা সমিতিৰ যৌথ উদ্যোগত ডিমৌ, নাজিৰা আৰু আমগুৰি শাখা সমিতিৰ সহযোগত ভূমিহীন চাহ জনগোষ্ঠীয় লোকসকলক ভূমি আৱন্টন আৰু পট্টা প্ৰদান কৰাৰ উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ গ' বেক, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, বিজেপি চৰকাৰ হায় হায় ইত্যাদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷  

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই দুই ঘন্টীয়া কাৰ্যসূচীত প্ৰায় অৰ্ধ শতাধিক লোকে অংশগ্ৰহণ কৰে৷ আগন্তুক লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে যদি চৰকাৰে চাহ জনজাতি লোকৰ দাবীসমূহ পূৰণ নকৰে তেন্তে তেওঁলোকে চাহ বাগান অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে ৷  

বিগত 2014 বৰ্ষৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ দৰে নেতাই বিশাল বিশাল সভাত বিভিন্ন প্ৰতিশ্ৰুতি দি প্ৰলোভন দেখুৱাই কেৱল মাত্ৰ ভোট আদায় কৰিলে বুলিও ক্ষুৰধাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ৷ 

লগতে পঢ়ক: Fake DC Arrested: তেজপুৰ আৰক্ষীৰ জালত ভুৱা Duplicate DC

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.