AATSA Protest at Dibrugarh:চাহ জনগোষ্ঠীৰ লোকক ভূমি পট্টা প্ৰদানৰ দাবীত প্ৰতিবাদ - Upcoming Election
🎬 Watch Now: Feature Video
ডিব্ৰুগড়,27 জুন: ধোঁৱা চাঙত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি ৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাচতে ভূমিহীন ৰাইজক ভূমি ম্যাদি পটা প্ৰদানৰ কৰা প্ৰতিশ্ৰুতি দিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
কিন্তু চাহ শ্ৰমিক ৰাইজে লাভ কৰিলে নে ভূমি পট্টা ! সেয়া আজিও এক অবুজ সাঁথৰ হৈ আছে ৷ মঙলবাৰে ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ লোকসকলক ভূমি পাটা প্ৰদানৰ দাবীত আটছাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
ভূমিহীন চাহ শ্ৰমিক পৰিয়ালক ভূমি আবন্টন দিয়াৰ লগতে চাহ জনগোষ্ঠীৰ লোকসকলে ভূমি দখল কৰি থকা ভূমিৰ পট্টা প্ৰদানৰ দাবীত বিভিন্ন সময়ত চৰকাৰক দাবী জনাই অহিছে ৷ কিন্তু চাহ জনগোষ্ঠীয় দল সংগঠনৰ দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ বাবে মঙলবাৰে আটছাই প্ৰতিবাদ সাব্যস্ত কৰে ।
ইফালে সমাগত লোকসভা নিবাৰ্চনৰ আগতেই চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান নকৰিলে শাসক দলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰতিবাদকাৰী আটছাৰ ।
লগতে পঢ়ক:Flood Report 2023: ৰাজ্যত প্ৰথমটো বানত ৬ গৰাকীৰ মৃত্যু, ৫১৪ খন গাঁও জলমগ্ন