Guwahati Artificial Flood: গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ দাবীত আছুৰ প্ৰতিবাদ - Assam CM on guwahati flood
🎬 Watch Now: Feature Video


Published : Oct 7, 2023, 5:15 PM IST
গুৱাহাটী, 7 অক্টোবৰ : গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ দাবীৰে চান্দমাৰীত আছুৰ বিক্ষোভ ৷ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি কৃত্ৰিম বানপানীৰ স্থায়ী সমাধানৰ দাবীত প্ৰতিবাদত সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই৷ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী হায় হায়, মহানগৰ উন্নয়ন মন্ত্ৰী হায় হায়, জি এম চি হায় হায়, কৃত্ৰিম বানপানীৰ স্থায়ী সমাধান কৰক, এয়াই নেকি মুখ্যমন্ত্ৰীৰ স্মাৰ্ট চিটি আদি শ্ল’গান দি হাতে হাতে বেনাৰ লৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকাই কয়, ‘‘মুখ্যমন্ত্ৰীয়ে মহানগৰীৰ পানী দেখা নাপায় কিন্তু মহানগৰীত এতিয়া পথ, উপ-পথ সকলোতে পানী আৰু বোকা ৷ মহানগৰীত পৰিকল্পিতভাৱে কাম নকৰাৰ বাবে পানী আৰু বোকাময় পৰিৱশৰ সৃষ্টি হৈছে ৷’’ আনহাতে অতিশীঘ্ৰে কৃত্ৰিম বানপানীৰ পৰা মহানগৰবাসীক সকাহ দিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷