AASU Protest at Bihpuria : বিহপুৰীয়াৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ত আছুৰ প্ৰতিবাদ - Minister Pijush Hazarika

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 12, 2023, 8:39 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

বিহপুৰীয়াৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ত উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ (AASU protest at Bihpuria)৷ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিক্ৰং নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ২ নং পিঠাগুৰিৰ পৰা ৮০ নং শ'লমাৰীত নিম্নমানদণ্ডৰ জিঅ’বেগ ব্যৱহাৰ কৰা কাৰ্যৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ জিঅ’বেগ স্থাপনত চূড়ান্ত বিসংগতি আৰু দুৰ্নীতিৰে ঠিকাদাৰ ৰাম সাগৰে কাম সমাধা কৰাৰ অভিযোগ উত্থাপন কৰি আছুকৰ্মীসকলে বৃহস্পতিবাৰে বিহপুৰীয়াৰ জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় চৌহদ উত্তপ্ত কৰি তোলে (Bihpuria water resource department office)। বিহপুৰীয়া নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদলৰে আহি কাৰ্যালয়টোৰ চৌহদত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে প্ৰাককলন মতে কাম নকৰি নিম্ন মানদণ্ডৰ জিঅ' বেগ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে । ইয়াৰোপৰি জিঅ' বেগসমূত বালি ভৰাই বেগৰ মুখসমূহ নিছিলোৱাৰ অভিযোগ উত্থাপন কৰে (Geobag installation in Dikrong river) । প্ৰতিবাদকাৰীসকলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা(Minister Pijush Hazarika) মুৰ্দাবাদ, ৰাজ্য চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিৱেশ উত্তপ্ত কৰি দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰগৰাকীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ৷ উল্লেখ্য যে, গৰাখহনীয়া আৰু বান প্ৰতিৰোধী আঁচনিখনৰ আবন্টিত ধনৰ পৰিমাণ পাঁচ কোটি টকা ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.