thumbnail

চৰকাৰে অসম চুক্তি কাৰ্যকৰী নকৰাত আজিও শ্বহীদৰ আত্মাই শান্তি লাভ কৰা নাই: শংকৰজ্যোতি বৰুৱা

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 11:00 PM IST

ডিব্ৰুগড়, 18 জানুৱাৰী: অসম আন্দোলনৰ চাৰি শ্বহীদৰ সোঁৱৰণত দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিলে শ্বহীদ দিৱস । ১৯৮০ চনৰ ১৮ জানুৱাৰীত অসম আন্দোলনৰ সময়ত তেল অৱৰোধ আন্দোলনত সহযোগ কৰিবলৈ ওলাই আহি চাৰিগৰাকী যুৱকে ক্ৰমে নৃপেন বড়া , কুমুদ গগৈ, নগেন ডেকা আৰু অজিত নেওগে দুলীয়াজান অইলৰ মুখ্য ঔদ্যোগিক দ্বাৰৰ সন্মুখত চি আৰ পি এফৰ গুলীত প্ৰাণ আহুতি দিছিল ।  

সেই অভিশপ্ত দিনটোক সুঁৱৰি দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য ঔদ্যোগিক এলেকাৰ দ্বাৰৰ সন্মুখত তথা কেন্দ্ৰীয় শ্বহীদ বেদীৰ প্ৰাংগণত অসম আন্দোলনৰ চাৰি শ্বহীদৰ সোঁৱৰণত প্ৰতি বছৰে শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে । বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই সোঁৱৰণ কৰে চাৰি শ্বহীদ আৰু সেই অভিশপ্ত দিনটোক ।

শ্বহীদ দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতিচাৰণ সভা, নাম প্ৰসংগ, গায়ন-বায়ন আদি কাৰ্যসূচী গ্ৰহণ কৰে । দুলীয়াজানত অনুষ্ঠিত এই শ্বহীদ দিৱসৰ কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি সংগঠনটোৰ বহু কেইগৰাকী কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব দুলীয়াজানত উপস্থিত হৈ চাৰি শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।  

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়, ‘‘শ্বহীদৰ ত্যাগৰ বাবে আজি আমি মূৰ দাঙি থাকিব পাৰিছো । কিন্তু অসম চৰকাৰে অসম চুক্তি কাৰ্যকৰী নকৰাত আজিও শ্বহীদৰ আত্মাই শান্তি লাভ কৰা নাই ৷’’ অসম চুক্তিক আখৰে আখৰে কাৰ্যকৰী কৰিবলৈ দাবী জনায় আছুৰ সম্পাদকগৰাকীয়ে । 

লগতে পঢ়ক: ন্যায়ালয়ৰ কাষ চাপিব নৱ শৰণীয়া, ৰাজনৈতিক চক্ৰান্তৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.