AASA Leader Detained: নাজিৰাত ধনদাবী কৰা দুই আছা নেতাক আটক - Money demanded by AASA leader
🎬 Watch Now: Feature Video
আমগুৰি, 8 ফেব্ৰুৱাৰী: শিৱসাগৰৰ জিলাৰ গেলেকীত জাতীয় সংঠনৰ নামত ধনদাবী কৰা দুই নেতাক আটক নাজিৰ আৰক্ষীৰ ৷ ধনদাবী কৰি আটক হ’ল অসম আদিবাসী ছাত্ৰ সন্থাৰ দুই নেতা ধৰ্মেশ্বৰ ঘাটোৱাৰ আৰু ৰাজীৱ মিৰ্দ্ধা ৷ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত আটক দুই নেতাক (AASA leader detained for money demand) ৷
উল্লেখ্য যে, এগৰাকী অভিযুক্তক জে’লৰ পৰা উলিয়াই অনাৰ বাবদ ভুক্তভোগী পৰিয়ালটোৰ পৰা দুই নেতাই দাবী কৰিছিল 90 হাজাৰ টকা ৷ আনহাতে, পৰিয়ালটোৰ পৰা দাবী কৰা ধনৰ 20 টকা আদায় কৰিছিল বেংক একাউণ্ট যোগে ৷ 20 হাজাৰ টকা প্ৰদান কৰাৰ পাচতো ধৃত আছা নেতাই বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাত ভুক্তভোগী মহিলাগৰাকীয়ে নাজিৰা থানাত দাখিল কৰে এজাহাৰ (AASA leader detained at Nazira) ৷
সেই এজাহৰৰ ভিত্তিতে নাজিৰা আৰক্ষীয়ে আটক কৰে ধৰ্মেশ্বৰ ঘাটোৱাৰ আৰু ৰাজীৱ মিৰ্দ্ধাক ৷ ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ অনুসৰি ধনদাবী কৰা কথা সাংবাদিকক অৱগত নকৰিবলৈয়ো ভাবুকি দিছিল দুই নেতাই ৷ উল্লেখ্য যে, ভুক্তভোগী মহিলাগৰাকীৰ স্বামী এটা গোচৰত অভিযুক্ত হৈ কাৰাবন্দী হৈ আছে ৷ যি গোচৰৰ সৈতে সম্পৰ্ক আছিল আছা অৰ্থাৎ আদিবাসী ছাত্ৰ সন্থাৰ (Money demanded by AASA leader) ৷ সেয়েহে, মহিলাগৰাকী কাষ চাপিছিল দুই নেতাৰ ৷ ধনদাবীৰ ঘটনাৰে আন এগৰাকী ব্যক্তি জড়িত থকাৰ অভিযোগো উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷
ধনদাবী কৰা ধৰ্মেশ্বৰ ঘাটোৱাৰ আৰু ৰাজীৱ মিৰ্দ্ধা আছিল সদৌ আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক ৷ সম্প্ৰতি দুয়োকে আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ৷ ধৰ্মেশ্বৰ ঘাটোৱাৰ দেওপানী চাহ বাগিচাৰ নিবাসী হোৱাৰ লগতে ৰাজীৱ মিৰ্দ্ধা হ’ল লিগিৰী পুখুৰীৰ বাসিন্দা ৷ আনহাতে ছাত্ৰ সংগঠনৰ দুই নেতাই ধনদাবী কৰি আটক হ’ব লগা ঘটনাক লৈ সংগঠনটোৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷
লগতে পঢ়ক: Labourers missing in Ledu coal mine: লিডুৰ কয়লাখনিত কাম কৰিবলৈ যোৱা প্ৰাঞ্জল আজিও ঘৰলৈ ঘূৰি নাহিল