AAP leader Kamal Kumar Medhi: সাম্প্ৰদায়িক ৰাজনীতি কৰি কোনেও দীৰ্ঘদিন ক্ষমতাত থাকিব নোৱাৰে; কমল কুমাৰ মেধী

By

Published : May 14, 2023, 6:28 PM IST

thumbnail

বৰপেটা, 14 মে’: নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ সাম্প্ৰদায়িক ৰাজনীতি ৰাইজে প্ৰত্যাখান কৰিছে; কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে তাকেই প্ৰমাণ কৰিলে ৷ এই মন্তব্য আপৰ ৰাজ্যিক উপ-সভাপতি কমল কুমাৰ মেধীৰ ৷ বৰপেটাত আজি এক দলীয় কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কৰ্ণাটক নিৰ্বাচনত বিজেপিৰ পৰাজয় সন্দৰ্ভত মন্তব্য কৰাৰ লগতে বদ্দৰুদ্দিন আজমল আৰু এ আই ইউ ডি এফক কঠোৰ সমলোচনা কৰে আপৰ নেতাগৰাকীয়ে (Kamal Kumar Medhi Reacts on Karnataka Poll Result) ৷

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ সাম্প্ৰদায়িক ৰাজনীতি ৰাইজে প্ৰত্যাখান কৰিছে,কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে তাকেই প্ৰমাণ কৰিলে ৷ কৰ্ণাটক নিৰ্বাচনে প্ৰমাণ কৰি দেখুৱালে যে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, বিজেপি, আৰ এছ এছৰ সাম্প্ৰদায়িক ৰাজনীতিৰ এতিয়া নাইকিয়া হৈছে ৷ 84 শতাংশ হিন্দু বসতি প্ৰধান কৰ্ণাটকত উগ্ৰ হিন্দুত্ববাদৰ ৰাজনীতি ৰাইজে প্ৰত্যাখান কৰিছে ৷ এতিয়া দক্ষিণ ভাৰত সম্পূৰ্ণ বিজেপিমুক্ত বুলি মন্তব্য কৰে তেওঁ (AAP leader Kamal Kumar Medhi) ৷  

সাম্প্ৰদায়িক ৰাজনীতি কৰি কোনেও দীৰ্ঘদিন ক্ষমতাত থাকিব নোৱাৰে ৷ নৰেন্দ্ৰ মোডী চৰকাৰক ৰাইজে দুবাৰকৈ সুযোগ দিছিল দেশৰ উন্নতিৰ স্বাৰ্থতহে, সাম্প্ৰাদায়িক ৰাজনীতি কৰাৰ বাবে নহয় ৷ মুল্যবৃদ্ধি, কৰ আদিক লৈ জনতা এতিয়া অতিষ্ঠ ৷ দেশৰ উন্নয়নমুলক কাম-কাজ নকৰি কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকিলে ৰাইজে যে ভোট নিদিয়ে তাকে কৰ্ণাটকৰ ৰাইজে প্ৰমাণ কৰি দিলে বুলিও মন্তব্য কৰে নেতাজনে (Karnataka Poll Result) ৷

ইফালে কৰ্ণাটকৰ পৰাই বিজেপিৰ পতন আৰম্ভ হৈছে, অহাবাৰ অসমতো হিমন্ত বিশ্ব চৰকাৰ বিদায় দিবলৈ আম আদমী পাৰ্টী সাজু বুলি কয় আপৰ নেতাগৰাকীয়ে ৷ আনহাতে অসমৰ প্ৰেক্ষাপতত মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি কঠোৰ সমলোচনা কৰে বদ্দৰুদ্দিন আজমল আৰু এ আই ইউ ডি এফ দলক (Kamal Kumar Medhi Slams Himanta Biswa Sarma) ৷ তেওঁ কয় যে বদ্দৰুদ্দিন আজমল বিজেপিৰ ব্ৰেণ্ড এম্বেছেদৰ; হিমন্ত বিশ্বৰ ডাঙৰ ককায়েক | বদ্দৰুদ্দিন আজমল আৰু এ আই ইউ ডি এফৰ লগত যদি কোনবাই মিত্ৰতা কৰে সেয়া আত্মহত্যাৰ নামান্তৰ বুলিও মন্তব্য কৰে নেতাজনে (Kamal Kumar Medhi Slams AIUDF) ৷ 

লগতে পঢ়ক: Aminul Hoque Laskar on Karim Uddin Borbhuyan : কৰিম উদ্দিন বৰভূঞাক জালিয়াতিৰ নেতা আখ্যা আমিনুল হক লস্কৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.